Showing posts with label অসমীয়া সাহিত্য চয়নিকা নতুন. Show all posts
Showing posts with label অসমীয়া সাহিত্য চয়নিকা নতুন. Show all posts

Thursday, 2 July 2020

Class 10 HSLC(SEBA) | Assamese Textbook Solution ( অসমীয়া সাহিত্য চয়নিকা নতুন- দ্বিতীয় ভাগ)| পদ্যাংশ - বৰগীত - শ্ৰী শ্ৰী মাধৱদেৱ | গুৰুত্বপূৰ্ণ অতি চমু উত্তৰৰ প্ৰশ্ন - ১ নম্বৰৰ |

■ প্ৰশ্নাৱলী :

১৷ বৰগীতটিৰ  কবিজনৰ  নাম  কি ?
উত্তৰ : শ্ৰী শ্ৰী  মাধৱদেৱ ।
২। বৰগীতটিৰ  ৰাগ  কি ?
উত্তৰ : বসন্ত ।
৩। শ্ৰী  শ্ৰী  মাধৱদেৱৰ  সাহিত্যিক  জীৱনৰ  কীৰ্তিস্তম্ভ কি ?
উত্তৰ : 'নামঘোষা' ।
৪। 'হেজাৰী ঘোষা পুথিখন  কাৰ  ৰচনা  ?
উত্তৰ : শ্ৰী  শ্ৰী  মাধৱদেৱৰ  ।
৫। মাধৱদেৱৰ  গুৰুজনাৰ  নাম  কি  আছিল  ?
উত্তৰ  : মহাপুৰুষ  শ্ৰীমন্ত  শংকৰদেৱ ।
৬৷ শ্ৰী  শ্ৰী মাধৱদেৱৰ  পিতৃ - মাতৃৰ  নাম  কি  আছিল  ?
উত্তৰ  : পিতৃ  গোবিন্দগিৰী  ভূঞা  আৰু  মাতৃ  মনোৰমা ।
৭৷ 'ৰাজসূূয়  কাব্য'  পুথিখন  কাৰ  ৰচনা ?
উত্তৰ  : শ্ৰী শ্ৰী মাধৱদেৱৰ ।
৮৷ কি  শাস্ত্ৰই  হৰিৰ  মহিমাৰ  কথা  কৈও  শেষ  কৰিব
নোৱাৰি  বুলি  কৈছে  ? 
উত্তৰ  : নিগম  শাস্ত্ৰই ।
৯৷ হৰিৰ  কৃপা  লাভ  কৰিব  পাৰিলে  কি  হয় ?
উত্তৰ  : মোহ  পাশৰ  পৰা  মুক্তি  লাভ  কৰিব  পাৰি ।
১০৷ কি  শাস্ত্ৰই  হৰিক  বিচাৰি  নাপায়  বুলি  কৈছে  ?
উত্তৰ  : নিগম  শাস্ত্ৰই  ।
১১। বৰগীতটিত  কিহক  পৰম  ধন  বুলি  কোৱা  হৈছে  ?
উত্তৰ  : হৰিৰ  চৰণযুুগলক ।
১২। ব্ৰজাৱলী  ভাষাৰ  মূল  ভেটি  কি  ?
উত্তৰ  : ব্ৰজাৱলী  ভাষাৰ  মূল  ভেটি  মৈথিলী ।
১৩। পণ্ডিতসকলৰ  মতে  মাধৱদেৱে  ৰচনা  কৰা  বৰগীতৰ
সংখ্যা  কিমান  ?
উত্তৰ  : ১৯১  টা  বা  ন - কুুৰি  এঘাৰটা ।
১৪। বৰ্তমানত  শংকৰদেৱে  ৰচনা  কৰা  কিমানটা  বৰগীত
পোৱা  যায়  ?
উত্তৰ  : ৩৪  টা  বা  একুৰি  চৈধ্যটা  ।
১৫। বৰগীতটিত  কবিয়ে  'বান্ধৱ'  বুলি  কাক  সম্বোধন
কৰিছে  ?
উত্তৰ  : হৰিক  সম্বোধন  কৰিছে  ।

Monday, 13 April 2020

Student's Guide : Class 10 (SEBA)| Assamese Textbook Solution | অসমীয়া সাহিত্য চয়নিকা নতুন - দ্বিতীয় ভাগ | পাঠ নং ০৭ : ভাৰতীয় সংস্কৃতি - হেম বৰুৱা |

পৃষ্ঠা  নং  : ৪১
প্ৰশ্নাৱলী :
ভাব - বিষয়ক :

     ১৷ ভাৰতীয়  সংস্কৃতিৰ  প্ৰাণ  কি  ?

     উত্তৰ : ভাৰতীয়  সংস্কৃতিৰ  প্ৰাণ  হৈছে  ক্ৰমবৰ্দ্ধমান  শক্তি ।

     ২। 'ফ্ৰম  ভলগা  টু  গংগা'  কাৰ  ৰচনা  ?

     উত্তৰ :'ফ্ৰম  ভলগা  টু  গংগা'  পণ্ডিত  ৰাহুল  সংকৃত্যায়নৰ       
     ৰচনা ।

     ৩। সৰ্বপল্লী  ৰাধাকৃষ্ণণে  'কালিয়দমন'ৰ  কি  আখ্যা  দিছে ?

     উত্তৰ  : সৰ্বপল্লী  ৰাধাকৃষ্ণণে  'কালিয়দমন'ৰ  আখ্যা  দিছে

     যে  আৰ্যই  অনাৰ্যক  সংস্কৃত  কৰাৰ  প্ৰতীকধৰ্মী  নৃত্য  ।

     ৪। কোনটো  যুুুগক  ভাৰতীয়  সংস্কৃতিৰ  বিস্তাৰ  যুুগ  বুলিব     
     পাৰি  ?

     উত্তৰ  : বৌদ্ধ  ধৰ্মৰ  প্ৰচাৰ  যুগকে  ভাৰতীয়  সংস্কৃতিৰ

     বিস্তাৰ  যুগ  বুলিব  পাৰি ।

     ৫। শিৱ  আৰু  শক্তি  পূজাৰ  মূূূল  ক'ত  আৱিষ্কাৰ  হৈছিল ?

     উত্তৰ  : শিৱ  আৰু  শক্তি  পূজাৰ  মূল  মহেঞ্জোদাৰোত

     আৱিষ্কাৰ  হৈছিল ।

     ৬। ইছলামীয়  ভাস্কৰ্যৰ  মূল  সম্পদ  কি ?

     উত্তৰ  : গঠনৰ  সৰলতা  আৰু  সূক্ষ্মতা  হৈছে  ইছলামীয়

     ভাস্কৰ্যৰ  মূল  সম্পদ ।

     ৭। অজন্তাৰ ছবিবোৰত  প্ৰকাশ পোৱা  ভাববস্তু  দুটা কি কি ?

     উত্তৰ  : অজন্তাৰ  ছবিবোৰত  প্ৰকাশ  পোৱা  ভাববস্তু  দুটা

     হৈছে  সন্ন্যাস  জীৱন  আৰু   সমূহীয়া  জীৱন  ।

     ৮। গান্ধীজীয়ে  নতুন  যুগৰ  ভাৰতীয়  সংস্কৃতি  কেনেকুৱা

     হ'ব  লাগে  বুলি  মত  প্ৰকাশ  কৰিছে  ?

     উত্তৰ  : গান্ধীজীয়ে  নতুন  যুগৰ  ভাৰতীয় সংস্কৃতি  সমন্বয়ৰ

     বস্তু  হ'ব  লাগে  বুলি  মত  প্ৰকাশ  কৰিছে ।

     ৯। সুকুমাৰ  কলাৰ  ভিতৰত  কোনটো  শিল্পক  বেছি  স্হায়ী

     বোলা  হৈছে  ?

     উত্তৰ : সুকুমাৰ  কলাৰ  ভিতৰত  চিত্ৰশিল্পক  বেছি  স্হায়ী

     বোলা  হৈছে  ।

     ১০৷ হেম  বৰুৱাৰ  সাহিত্য-চৰ্চা  সম্পৰ্কে  পঁচিছটামান  শব্দৰ

     ভিতৰত  এটি  পৰিচয়  দিয়া  ।

     উত্তৰ : হেম  বৰুৱা  সাহিত্য  চৰ্চাত  বহুত  ধাউতি  আছিল ।

     সাম্প্ৰতিক  কবিতাৰ  পথ-প্ৰদৰ্শক  বৰুৱাদেৱৰ  ৰচনাসমূহ

     হ'ল  - 'বালিছন্দা' ,  'মনময়ূৰী' ,  'আধুনিক  সাহিত্য' ,  'এই

     গাঁও  এই  গীত' ,  'ৰঙা  কৰবীৰ  ফুল' ,  'ইজৰাইল' ,  'The

     Red River  and  Blue  Hill'  ইত্যাদি  ।  ইয়াৰ  ওপৰিও

     তেওঁ 'জনতা'  আৰু  'পছোৱা'  আলোচনী  সম্পাদনা 

     কৰিছিল  ।  ১৯৭২  চনত  ধুবুৰীত  অনুষ্ঠিত  হোৱা  অসম

     সাহিত্য  সভাৰ  অধিবেশনৰ  সভাপতি  আছিল  ।

 


 








posted by Student's Guide

   

Student's Guide : Class 10 (SEBA)| Assamese Textbook Solution |অসমীয়া সাহিত্য চয়নিকা (নতুন) -- দ্বিতীয় ভাগ | পাঠ নং ০৬ : ছাত্ৰ-জীৱন আৰু সমাজসেৱা --- ডিম্বেশ্বৰ নেওগ |

পৃষ্ঠা  নং  : ৩১ 

প্ৰশ্নাৱলী 
ভাব - বিষয়ক  : 

১ ৷ অতি  চমুকৈ  উত্তৰ  লিখা  : 

     (ক ) লিখকৰ  মতে  ছাত্ৰ-জীৱনৰ  প্ৰকৃত  উদ্দেশ্য  কি  কি  ?

     উত্তৰ  :  লিখকৰ  মতে  ছাত্ৰ  - জীৱনৰ  প্ৰকৃত   উদ্দেশ্য

     হৈছে  শিক্ষা  গ্ৰহণ । কিন্তু  শিক্ষা  বুলি  ইয়াত  কেৱল  লিখা 

     পঢ়াৰ শিক্ষাকে  বুজোৱা  নাই । প্ৰকৃততে , মানুহৰ  জীৱনৰ

     লক্ষ্য   কি , কি-কি  কাম  কৰিলে  মানুহৰ  জীৱন  সাৰ্থক  হয়,

     অথবা  সাংসাৰিক  জীৱনত  কি  উপায়েৰে  কাম  কৰিলে

     কৃতকাৰ্য  হ'ব  পাৰি , এনেবোৰ  ব্যৱহাৰিক  দিশৰ  জ্ঞান

     আহৰণো  ছাত্ৰ-জীৱনৰ  প্ৰকৃত  উদ্দেশ্য  হোৱা  উচিত  বুলি

     লিখকে  ক'ব  বিচাৰিছে ।

   

     (খ ) বৰ্তমানৰ   প্ৰচলিত   শিক্ষাৰ   দোষ   কি  কি  ?

     উত্তৰ  : বৰ্তমানৰ  প্ৰচলিত  শিক্ষাৰ  ঘাই  দোষ  হৈছে  যে

     এয়া  কেৱল  পুথিগত  শিক্ষা । এই  পুথিগত  শিক্ষাৰ

     লাভালাভ  নগণ্য । বৰ্তমানৰ  শিক্ষাত  ছাত্ৰ-ছাত্ৰীয়ে  জ্ঞান

     লাভতকৈ  পৰীক্ষাত  উত্তীৰ্ণ হোৱা ,  শ্ৰেণীত  উত্তীৰ্ণৰ স্হান

     আদিহে  গুৰুত্বপূৰ্ণ  বুলি  বিবেচনা  কৰা  হয় ।

     সমান্তৰালভাৱে  ছাত্ৰ-ছাত্ৰীৰ  শাৰীৰিক  বিকাশৰ  ক্ষেত্ৰতো

     এই  শিক্ষা  যথেষ্ট  নহয় । প্ৰচলিত  শিক্ষা  ব্যৱস্থাত

     ব্যৱহাৰিক  দিশৰ  গুৰুত্বহীনতাৰ  ফলত  বৰ্তমানৰ  ছাত্ৰ-

     ছাত্ৰসকল  কৰ্মবিমুখ  হোৱাৰ  দৰে  সমস্যাৰ  উদ্ভৱ  হৈছে ।

     লেখকে  এইবোৰকে  আমাৰ  প্ৰচলিত  শিক্ষাৰ  দোষ  বুলি

     উল্লেখ  কৰিছে ।



     ( গ ) ছাত্ৰসকলে   কি  কি   বিষয়ত   জ্ঞান   লাভ   কৰি

      দেশসেৱাত   ব্ৰতী   হ'ব  লাগে  ?

      উত্তৰ  : ছাত্ৰসকলে  যথাসম্ভৱ   জ্ঞানকৰী  , অৰ্থকৰী   আৰু

     কাৰ্যকৰী জ্ঞান  লাভ  কৰি  দেশসেৱাত  ব্ৰতী  হ'ব  লাগে  ।

     উপযুক্ত  জ্ঞান   আহৰণৰ  লগতে  সেই  আৰ্জিত  জ্ঞানক

     ব্যৱহাৰ  কৰি  জীৱন  নিৰ্বাহৰ  বাবে  প্ৰয়োজনীয়  অৰ্থসংগ্ৰহ

     কৰা  আৰু  তাৰ  লগতে  সাধাৰণ  জীৱন  নিৰ্বাহৰ  ক্ষেত্ৰত

     এই  জ্ঞানক  কামত  লগাবলৈ  শিকিব  লাগে ।



     ( ঘ ) ছাত্ৰসকলে   কাৰ্যকৰী   শিক্ষা   ক'ৰ   পৰা  কিদৰে
 
      লাভ  কৰিব   পাৰে   ?

      উত্তৰ  : কাৰ্যকৰী  শিক্ষাৰ  ঠাই  স্বৰূপে  ছাত্ৰসকলে

      সম্প্ৰতি  গাঁৱতে  নিজৰ  কাৰ্যক্ষেত্ৰ  বাছি  ল'ব  পাৰে ।

      ছাত্ৰসকলে  গাঁৱত  সোমাই  নিজ  ঘৰে - ঘৰে  গাঁৱে  গাঁৱে

      অশিক্ষিত  লোকসকলৰ  চকু  মুকলি  কৰিব  লাগিব ; ককাই

      দদাই  বা  দেউতা  বুলি  তেওঁলোকক  নিজ  অৱস্থাৰ  কথা

      চকুৰ  আগত  দাঙি  ধৰিব  লাগিব ; বাতৰি  কাকত  আৰু

      জ্ঞান  আৰু  জগতৰ  বাতৰি  থকা  পুথি  পঢ়ি  তেওঁলোকৰ

      অজ্ঞানতা  দূৰ  কৰিবলৈ  যত্ন  কৰিব  লাগিব ; তেওঁলোকৰ

      মাজৰ  পৰা  কুৰ্চুট - কপট  গুচাবলৈ  চাব  লাগিব ; গাঁৱত

      কোনো  নৰীয়া  আদি  হ'লে  উপদেশেৰে  বা  আন  উপায়ৰে

      সহায়  কৰিব  লাগিব ;  উপদেশেৰে  আৰু  উদাহৰণেৰে

      নিজৰ  ঘৰ  আৰু  গাঁওখন  একোখন  আদৰ্শ  গাঁও কৰিবলৈ

      চাব  লাগিব । এইবোৰ  কাম  ছাত্ৰৰ  কৰ্তব্যৰ  বাহিৰ  নহয় ,

      কিয়নো  এইখিনি  কাম  শিক্ষাৰ্থীৰ  কাৰ্যকৰী  শিক্ষাৰ

     একোটি  পাঠ  মাথোন  । এনেদৰে  মোৰ  লগতে  ছাত্ৰসকলে

     কাৰ্যকৰী  শিক্ষা  লাভ  কৰিব  পাৰে  ।



     (ঙ ) লিখকৰ  মতে  দেশৰ  প্ৰকৃত  উন্নতি  কৰা  মানে  কিহৰ

     উন্নতি  কৰা  ?

     উত্তৰ  : লিখকৰ  মতে  দেশৰ  প্ৰকৃত  উন্নতি  কৰা  মানে

     গাঁওৰ  উন্নতি  কৰা  ; গাঁৱত  শিক্ষা  বিস্তাৰ  কৰা ; গাঁৱলীয়া

     লোকসকলক  নিজ  সন্মান  আৰু  দায়িত্বৰ  কথা  সোঁৱৰাই

     দিয়া । এই  সমাজ  সেৱা  আৰু  দেশ  সেৱাৰ  শিক্ষাই  প্ৰকৃত

     শিক্ষা । এই  নৰ  সেৱাই  প্ৰকৃত  নাৰায়ণ  সেৱা ।

posted by Student's Guide

Friday, 3 April 2020

Student's Guide : Class 9 |Assamese Textbook Solution| অসমীয়া সাহিত্য চয়নিকা (নতুন)-প্ৰথম ভাগ|পাঠ নং ০৮ : অন্ধবিশ্বাস আৰু কুসংস্কাৰ -- জয়ন্ত মাধৱ বৰা|

পৃষ্ঠা নং : ৪০

শব্দাৰ্থ আৰু টোকা  : 

অপদেৱতা  অহিত বা অপকাৰ  সধা দেৱতা  ; ভূত - প্ৰেত  ।

অবাঞ্ছিত   যিটো বাঞ্ছা কৰা নহয়  , বিচৰা নহয়  । 

ইতিবাচক  কোনো কথা বা কামৰ প্ৰতি সন্মতিসূচক ।

কলুষিত  কলংকযুক্ত   ।

গতিৰোধক  গতিক বাধা দিয়া  ব্যবস্থা  । 

গুজৱ   উৰাবাতৰি   ।

দেহাবয়ব  দেহৰ গঠন  ; দেহৰ অবয়ব  ।

নেতিবাচক   অসন্মতি  প্ৰকাশ  কৰা , ঋণাত্মক   ।

প্ৰতিকুলতা  বিপৰীত  অৱস্থা  , বাধা  ।

প্ৰমূল্য  মানদণ্ড  , বিশেষ মূল্য  ।

বন্দিত  : যাক বন্দনা কৰা হয়  , পূজনীয়  ।

বড়ি  ঔষধৰ সৰু  ঘূৰণীয়া  গুটি ।

ভ্ৰান্ত বিশ্বাস   ভুল ধাৰণা  ।

মনস্তাত্বিক   মনৰ প্ৰকৃতি  সম্পৰ্কীয়  ।


প্ৰশ্নাৱলী  : 
--------------
ভাব - বিষয়ক  : 

১। চমু উত্তৰ  দিয়া  : 

( ক ) উৰাবাতৰি  মানে কি ? 

উত্তৰ  : যিবোৰ  বাতৰি  সত্যৰ  ওপৰত  প্ৰতিষ্ঠিত   নহয়  , অথচ 

অজ্ঞতাৰ  কাৰণে   বা   মানুহক  উত্তেজিত   কৰি  তুলিবৰ  

বাবেই   উদ্দেশ্য   প্ৰণোদিতভাৱে   প্ৰচাৰ   কৰা  হয়   আৰু   

চিন্তাশূন্য   , বিবেকশূন্য  কিছু   লোকে   সেই   বাতৰিক  সত্য  

বুলি  বিশ্বাসো কৰে , সেয়াই  সহজ  ভাষাত   উৰাবাতৰি  ।

( খ ) কুসংস্কাৰ   মানে  কি   ? 

উত্তৰ  : যিবোৰ  নীতি -নিয়ম  ,  ব্যৱস্থা  ,  পৰম্পৰা   এখন  সুস্থ  

সমাজৰ   পৰিপন্থী   ,  সমাজৰ   অগ্ৰগতিত  গতিৰোধক   হৈ  

থিয়  দিয়ে  সেইবোৰেই  হৈছে  কুসংস্কাৰ   ।  কুসংস্কাৰে  মানুহৰ  

চিন্তাৰ  দিগন্তক  প্ৰসাৰিত  নকৰে   । 

( গ ) 'অন্ধবিশ্বাস , কুসংস্কাৰ  পৃথিৱীৰ  আটাইতকৈ  গধুৰ  

বোজা । ' --- কথাষাৰ   কোনে  কৈছিল  ? 

উত্তৰ  : উক্ত  কথাষাৰ  ড°  সৰ্বপল্লী  ৰাধাকৃষ্ণণে  কৈছিল  । 

( ঘ ) কোনখন  সন্ধিৰ  পিছত  আৰু  কেতিয়া  অসম  বৃটিছৰ  

অধীনলৈ  যায়  ? 

উত্তৰ  : ১৮২৬  চনৰ  ইয়াণ্ডাবু  সন্ধিৰ  পিছত  অসম  বৃটিছৰ  

অধীনলৈ  যায়  । 

( ঙ ) অসমলৈ  আহি  শদিয়াৰ  সেমেকা  জলবায়ুত  

মিছনেৰীসকল  কেনে  ধৰণৰ  ৰোগত  আক্ৰান্ত  হৈছিল  ? 

উত্তৰ  : অসমলৈ  আহি  শদিয়াৰ  সেমেকা জলবায়ুত  

মিছনেৰীসকল  কলেৰা  ৰোগত  আক্ৰান্ত  হৈছিল  ।

২৷  অন্ধবিশ্বাস  মানে  কি  ?  অন্ধবিশ্বাসে  সমাজত  কেনে  

ধৰণৰ  সমস্যাৰ  সৃষ্টি  কৰিব  পাৰে  লিখা  ? 

উত্তৰ  : যিবোৰ  বিশ্বাস  বা  ধাৰণা  যুক্তিৰ  ওপৰত  প্ৰতিষ্ঠিত  

নহয়  ,  বিজ্ঞানে  যিবোৰ  বিশ্বাসক  , ধাৰণাক  , ঘটনাক  অসত্য 

আৰু  অমূলক  বুলি  প্ৰতিপন্ন  কৰিছে  সেইবোৰেই  হৈছে  

অন্ধবিশ্বাস  । 

      অন্ধবিশ্বাসে  সমাজত  এক  জটিল  সমস্যাৰ  সৃষ্টি  কৰে ।

ভূতক  লৈ  আমাৰ  সমাজত  বহুত  অন্ধবিশ্বাস  আছে  ।  

গ্ৰামাঞ্চলত  আজিও  ৰাতি  ভূত  ওলায়  বুলি  বহুতে  বিশ্বাস  

কৰে ।  কেৱল  গাঁও  অঞ্চলতে  নহয়  , চহৰাঞ্চলতো 

ল'ৰা-ছোৱালীৰ  মনত  ভূতৰ  ভয়  আছে  ।  ল'ৰা-ছোৱালীৰে 

নহয়  , ডাঙৰৰো  আছে  ।  

      'সোপাধৰা ' আন  এক  অন্ধবিশ্বাস  ।  কিছুমান  ঠাইত  

' ল'ৰাধৰা ' বুলিও  মানুহৰ  মাজত  প্ৰচলিত  । এই  সম্পৰ্কত  

উৰাবাতৰি  এনেদৰে  ওলায়  যে  বেলেগ ঠাইৰ  পৰা  বেলেগ  

দেহাবয়বৰ  এজন  বা  দুজন  লোক  আহি  সেই  ঠাইৰ  সৰু  

ল'ৰাৰ  মূখত  সোপা  মাৰি  ধৰি  লৈ  যায়  । মানুহে  সত্যাসত্য  

বিচাৰ  নকৰি  অচিনাকি  আৰু  সচৰাচৰ  নেদেখা  দেহাবয়বৰ  

মানুহ  দেখিলেই  আক্ৰমণ  কৰি  এক  অপ্ৰীতিকৰ  অমানৱীয়  

পৰিস্থিতিৰ  সৃষ্টি  কৰে  ।

      বৰ্তমান  সময়তো  আমাৰ  সমাজত  বিশেষকৈ  

গ্ৰামাঞ্চলবোৰত  ' ডাইনী ' ক  লৈ  এক  অন্ধবিশ্বাসে  গা  কৰি 

উঠিছে  ।  ইয়াৰ  পৰিণামস্বৰূপে   বহুত  অপ্ৰীতিকৰ  পৰিস্থিতিৰ 

সৃষ্টি  হৈছে  ।  আনকি  সংঘৰ্ষ  বা  হত্যা  আদি  অমানৱীয়  

ক্ৰিয়া-কলাপো  সংঘটিত  হৈছে  ।  ' ডাইনী ' এক  সামাজিক  

ব্যাধি  , এক  কল্পিত  সন্ত্ৰাস  ।  ডাইনী  এক  ভ্ৰান্ত  বিশ্বাস  ।  

ভূত-প্ৰেত ,  সোপাধৰা , ডাইনী   এইবোৰৰ   অস্তিত্ব  বিজ্ঞানে  

নস্যাত  কৰিছে  ।  একবিংশ  শতিকাৰ  বিজ্ঞান  আৰু  

প্ৰযুক্তিবিদ্যাৰ   চৰম  উন্নতিৰ  যুগতো , সহজভাৱে  টকা  

ঘটিবলৈ  খুব  চতুৰালিৰে  কৰা  এইবোৰ  দুষ্ট  লোকৰ   কাম  । 

৩৷ কি  কি  কাৰণত  অন্ধবিশ্বাস  , কুসংস্কাৰৰ  দ্বাৰা  জনসাধাৰণ

প্ৰভাৱিত  হয়  ? 

উত্তৰ  : অন্ধবিশ্বাস  , কুসংস্কাৰৰ  দ্বাৰা  জনসাধাৰণ  প্ৰভাৱিত  

হোৱা  কেইবাটাও  কাৰণ  আছে  ।  তাৰে  কেইটামান  মূখ্য  

কাৰণ  তলত  উল্লেখ  কৰা  হ'ল  ------

১)  সম্প্ৰতি  অসমৰ   সাক্ষৰতাৰ   হাৰ  ৭৩ . ১৮   শতাংশ  । 

পুৰুষৰ   ৭৮ .৮১  শতাংশ   আৰু   মহিলাৰ   ৬৭ .২৭  শতাংশ  ।

সেই  দৃষ্টিকোণৰ  পৰা চাবলৈ  গ 'লে  শিক্ষাৰ  অভাৱৰ  বাবে  

বুলি   কোৱাতকৈ  জ্ঞানৰ  অভাৱৰ  বাবেহে   মানুহ   কুসংস্কাৰ  , 

অন্ধবিশ্বাসৰ  বশৱৰ্তী  হয়   বুলি   ক'ব  পাৰি  ।  জ্ঞানৰ  অভাৱৰ 

বাবেই  এজন  মানুহে   তেওঁৰ   আৱেগক  নিয়ন্ত্ৰণ   কৰিব  

 নোৱাৰে  ।  আবেগ  নিয়ন্ত্ৰণ   কৰিব   নোৱাৰাৰ  এটা  মূল  

 কাৰণ   হৈছে  অধ্যয়নবিমুখিতা  ।  মানুহ   শিক্ষিত   হৈছে   , 

কিন্তু   সেই  অনুপাতে   হৈছে   অধ্যয়নবিমুখ ।  যাৰ ফলত  

সমাজত   বিশৃংখল  পৰিৱেশ   ,  অপ্ৰীতিকৰ   পৰিস্থিতিৰ  সৃষ্টি  ,

অমানৱীয়   কাৰ্য  - কলাপ  সংঘটিত  হৈছে  ।  

২)  প্ৰত্যেক  মানুহেই  নিজৰ  স্বভাৱ  ,  চৰিত্ৰ  আৰু  জীৱনৰ

পৰা  পোৱা   শিক্ষাৰ   ওপৰত  ভিত্তি  কৰি   সন্মুখত   দেখা

ঘটনা  একোটাক  বিশ্লেষণ  কৰে  ।  ঘটনাটোত  তেওঁৰ  ভূমিকা

ইতিবাচক  হ'ব  নে  নেতিবাচক   হ'ব ,   সেইটো  নিৰ্ভৰ  কৰে

তেওঁৰ দৃষ্টিভংগীৰ  ওপৰত  ।  কিন্তু  ভোগসৰ্বস্ব  , অধ্যয়নবিমুখ  ,

গভীৰ  চিন্তাৰে  নিজক  উজ্জ্বলাব  নোৱাৰা  আজিৰ  প্ৰায়বোৰ

মানুহে  কথাবোৰ  ,  সন্মুখত  ঘটা  ঘটনাবোৰ  প্ৰায়ে  নেতিবাচক

দৃষ্টিভংগীৰে  চায় ।

৩) যিবিলাক  মানুহক  ভাল  কাম কৰাৰ  দায়িত্ব  দিয়া  হৈছে  ,

দেখা  গৈছে   ক্ষুদ্ৰ  ক্ষুদ্ৰ  স্বাৰ্থসিদ্ধিৰ  বাবে  সেই  দায়িত্বশীল

মানুহবোৰেও  কেতিয়াবা   সমাজৰ  বাবে  নেতিবাচক  কাম

কৰে ।  নেতৃস্থানীয়  ব্যক্তিসকলৰ   তেনে কাম - কাজ  তেওঁৰ

অনুগামীসকলেও  অনুকৰণ  কৰাৰ  ফলত  সমাজৰ  কাৰণে

কেতিয়াবা   ভয়ংকৰ ভাৱে  ক্ষতিকাৰক  হৈ  পৰে  ।

৪) ভ্ৰমণ  হৈছে  শিক্ষাৰ  এক  অন্যতম  অংগ  ।  ভ্ৰমণৰ যোগেদি

মানুহে   নজনা  কথা  জানে ,  বিভিন্নজনৰ  লগত  পৰিচয়  ঘটে ।

ভ্ৰমণে  মনৰ  পৰিধি  বহল  কৰে  ।  ভিতৰুৱা  যোগাযোগ

ব্যৱস্থাৰ   সুবিধা  নথকা  অঞ্চলৰ  বহু  লোকে  মনৰ  ভাৱ

বাহিৰৰ  অঞ্চলৰ  লোকৰ  সৈতে   বিনিময়  কৰাৰ  সুবিধা

নাপায়  ।  সেয়ে   অন্ধবিশ্বাসী  হোৱাৰ  , কুসংস্কাৰ  সাৱটি

থকাৰ  ইও  এটা  কাৰণ  ।

৫ ) সমাজত   কেতিয়াবা   স্বাৰ্থপূৰণৰ  বাবে  কিছুমান  অসৎ

প্ৰবৃত্তিৰ  লোকে   অন্ধবিশ্বাস  বিয়পাই  দিয়ে  ।  উৰাবাতৰিৰে

মানুহক   উত্তেজিত   কৰি  তোলে  ।  ইমান   চতুৰালিৰে  এই

অন্ধবিশ্বাসবোৰ  প্ৰচাৰ  কৰে  যে  অশিক্ষিত  মানুহৰ  কথা বাদেই

শিক্ষিত  সমাজেও  সেইবোৰ  বিশ্বাস   কৰি  লয় । তাৰ ফলত

সেই  অসৎ  প্ৰবৃত্তিৰ  লোকজনৰ  কিবা  এটা  স্বাৰ্থ  সিদ্ধি   হয়  ,

কিন্তু  ঘটিব  নলগীয়া  অমানৱীয়  ঘটনা  এটাও  হয়তো  ঘটি

যায়  ।

৬ ) আমাৰ  সমাজত  কষ্ট  নকৰাকৈ  কম  আয়াসতে  আমাক

সকলো   লাগে  ।  এনে  চিন্তাধাৰা  থকা লোকো  নোহোৱা  নহয়।

কষ্ট  নকৰাকৈ  সাফল্য  লাগে  , কষ্ট  নকৰাকৈ  ধন -সম্পত্তি

ঘটিবলৈ  লাগে  ,  ভোগ - বিলাসত  মত্ত  হ'বলৈ  লাগে  । সহজে

সকলো  পাবৰ  বাবে আশা কৰা লোকে  অন্ধবিশ্বাসী  হয়  পৰে ।

৭ ) মনোবৃত্তি  হৈছে  আন  এটা  মূখ্য  কাৰণ ।   অন্ধবিশ্বাস  ,

কুসংস্কাৰৰ  গৰাহত  নপৰিবৰ  বাবে  লাগিব  এটা   যুক্তিবাদী

মন , লাগিব  বিজ্ঞানমনস্কতা  ।  সমাজত  বাস  কৰা  মানুহৰ  মন

মনোবৃত্তি  বিজ্ঞানৰ  যুক্তিৰ  ওপৰত  প্ৰতিষ্ঠিত  নোহোৱাৰ বাবে

মনৰ  পৰা  অন্ধবিশ্বাস  , কুসংস্কাৰ  আদি  আঁতৰাব  পৰা  নাই  ।

৪ ৷  অন্ধবিশ্বাস  , কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ  কেনে 

ধৰণৰ আঁচনি  গ্ৰহণ  কৰিব  পাৰি   ? 

উত্তৰ  : অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ  

আমি  বিভিন্ন  আঁচনি  গ্ৰহণ কৰিব পাৰি  । তাৰে  ভিতৰত 

সজাগতা  হ'ল  এটা  শক্তিশালী  আহিলা  ।  বিদ্যালয়ৰ  

পাঠ্যক্ৰমত   এই বিষয়টো  অন্তৰ্ভুক্ত  কৰি  সৰুৰে পৰা  ছাত্ৰ  -

ছাত্ৰীৰ  মাজত   অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ  ভয়াবহতাৰ  

ওপৰত সজাগতা  দিয়াৰ  ব্যৱস্থা কৰিব  লাগে  ।  শিক্ষিত 

সমাজে  এই  বাৰ্তাৰ  প্ৰচাৰ  কৰি  অশিক্ষিত  লোকসকলৰ বাবে 

স্বাৰ্থপৰ মনোভাৱ  ত্যাগ কৰি  এটা   বিজ্ঞানভিত্তিক  মনোবৃত্তি 

প্ৰদান  কৰাৰ  দায়িত্ব  গ্ৰহণ  কৰিব  লাগে  ।  বিদ্যালয়  আৰু  

মহাবিদ্যালয়  পৰ্যায়ত  এনে  বিষয়ৰ  ওপৰত  ৰচনা  

প্ৰতিযোগিতা  বা  তেনেধৰণৰ  অন্যান্য  প্ৰতিযোগিতাৰে  ছাত্ৰ - 

ছাত্ৰীক  জড়িত   কৰিও  সজাগতা   আনিব   পৰা  যায়   ।  

      ভ্ৰমণ  হৈছে শিক্ষাৰ  এক অন্যতম অংগ  ।  ভ্ৰমণৰ  যোগেদি  

মানুহে  নজনা কথা জানে  , বিভিন্নজনৰ  লগত পৰিচয় ঘটে  ।

ই  মনৰ  পৰিধি  বহল  কৰে  ।  ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ  

সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ  বাহিৰৰ অঞ্চলৰ 

লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়  ।  যাৰ ফলত  এনে

ধৰণৰ  এক  অপ্ৰীতিকৰ   অমানৱীয়   পৰিস্থিতিৰ  সৃষ্টি  হয়  । 

সেয়ে   সমাজত   শিক্ষিত চামে  এনে  পদক্ষেপ  হাতত  

লোৱাতো  নিতান্তই  প্ৰয়োজন  ।  

      তথ্যচিত্ৰ   বা  তেনেধৰণৰ   প্ৰচাৰ   মাধ্যমৰ   জৰিয়তে  

জনতাৰ  মাজত   সজাগতা   অনাতো  খুব জৰুৰী  ।  এনে

তথ্যচিত্ৰ  বা  প্ৰচাৰ  মাধ্যমৰ  জৰিয়তে  সমাজত  হৈ  থকা  

' ডাইনী '  অথবা  ' সোপাধৰা 'ৰ  নিচিনা  জঘন্য  কাণ্ড   ৰোধ  

কৰিব   পৰা  যাব  ।  

       বৰ্তমান  সময়ত  সমাজত   বিশৃংখল  পৰিৱেশ  সৃষ্টি  

হোৱাৰ  তথা  অমানৱীয়  কাৰ্য  - কলাপ  সংঘটিত  হোৱাৰ  

অন্যতম  কাৰণ  হৈছে   মানুহৰ  অনিয়ন্ত্ৰিত  আবেগ  ।  

অধ্যয়নবিমুখিতা  হৈছে  ইয়াৰ  মূল  কাৰণ  ।  মানুহ  শিক্ষিত 

হৈছে  , কিন্তু  সেই সেই অনুপাতে হৈছে অধ্যয়নবিমুখ  ।  সেয়ে  

প্ৰতিজন  নাগৰিকে  এই  কথা  উপলব্ধি  কৰি আচল  শিক্ষা 

গ্ৰহণ  কৰিলেহে  সমাজৰ  পৰা  অমানৱীয়  কাৰ্যসমূহ  ৰোধ 

হোৱাত  সহায়ক  হ'ব  । 

পৃষ্ঠা  নং  : ৪১ 

৫ ৷ ' ডাইনী  '  ,   ' সোপাধৰা  '    --- এইবোৰ   অন্ধবিশ্বাস   ।

অন্ধবিশ্বাস   বুলি   জানিও  কিছু   লোকে   এই  বিষয়  দুটাক  লৈ

উৰাবাতৰি   প্ৰচাৰ   কৰে  আৰু   বহু   লোকে   বিশ্বাস   কৰিও 

লয়  ।  ইয়াৰ   কাৰণ   কি  কি  বুলি   ভাবা  ? 

উত্তৰ  : ' ডাইনী  '   আৰু   ' সোপাধৰা  '  এই  দুটা  সমাজৰ  

মূখ্য   অন্ধবিশ্বাস  ।  ডাইনী  -- এক  সামাজিক  ব্যাধি  ,  এক 

কল্পিত   সন্ত্ৰাস  ।  ডাইনী   এক   ভ্ৰান্ত  বিশ্বাস  ।  কোনোবা  

অঞ্চলত  কাৰোবাৰ   ঘৰত  অসুখ   হৈছে  । দৰব  খাইছে  যদিও 

ভাল   পোৱা   নাই  ;  হয়তো   উপযুক্ত   চিকিৎসা  কৰা  হোৱা  

নাই  ।  কিন্তু  প্ৰচাৰ  কৰি  দিয়ে  এইবুলি  যে  ,  ডাইনীৰ  

কাৰণেই   অঞ্চলটোৰ  প্ৰায়বোৰ  পৰিয়ালত  অসুখ  - বিসুখে  

দেখা  দিছে  ।  ডাইনীৰ  কাৰণেই   অসুখ   ভাল  হোৱা   নাই  । 

আকৌ  সোপাধৰা   ক্ষেত্ৰত   উৰাবাতৰি   এনেদৰে   ওলায় যে  

বেলেগ ঠাইৰ  পৰা বেলেগ  দেহাবয়বৰ  এজন  বা  দুজন  লোক  

আহি  সেই  ঠাইৰ  সৰু   ল'ৰাৰ  মুখত   সোপা  মাৰি  ধৰি  লৈ  

যায় । এনে   ধৰণৰ   গুজব  ওলালেই  মানুহে   সত্যাসত্য  

বিচাৰ  নকৰি  অচিনাকি   আৰু  সচৰাচৰ  নেদেখা  দেহাবয়বৰ  

মানুহ  দেখিলেই   আক্ৰমণ  কৰি  এক  অপ্ৰীতিকৰ  অমানৱীয়  

পৰিস্থিতিৰ সৃষ্টি   কৰে  ।  

              এনেধৰণৰ   অন্ধবিশ্বাসৰ  সুযোগ   গ্ৰহণ   কৰি  এচাম 

স্বাৰ্থপৰ   লোকে   সমাজত   হত্যাৰ   দৰে  অসামাজিক  আৰু 

অমানৱীয়   কাৰ্য   সমাধা  কৰি  আহিছে  ।  সাধাৰণতে   , 

সম্পত্তিৰ   লোভত  বা  ওচৰ - চুবুৰীয়া  কাৰোবাৰ   যদি  উন্নতি 

হয়  তেওঁৰ   প্ৰতি  ঈৰ্ষান্বিত  হৈও  সেই   বিশেষ  মানুহঘৰৰ  

কাৰোবাক   ' ডাইনী  '  বুলি   অভিহিত   কৰি  অসৎ  মনোবৃত্তিৰ 

মানুহে   সামাজিক   উৎপীড়ন  চলায় ।  এনেদৰে   স্বাৰ্থসিদ্ধিৰ  

বাবেই   'সোপাধৰা ' ৰ  অপপ্ৰচাৰ  চলায়  ।  কেতিয়াবা   হত্যাৰ 

দৰে  জঘন্য   ঘটনাও  সংঘটিত   হয়  । 

৭ ৷  ব্যাখ্যা  কৰা  : 

     ( ক ) অন্ধবিশ্বাস  , কুসংস্কাৰ   পৃথিৱীৰ   আটাইতকৈ  গধুৰ 

বোজা  ।

উত্তৰ  : উক্ত   বাক্যশাৰী  আমাৰ  পাঠ্যপুথি  "অসমীয়া সাহিত্য 

চয়নিকা (নতুন )"  ,  'অন্ধবিশ্বাস  আৰু  কুসংস্কাৰ '  নামৰ  

পাঠটিৰ পৰা তুলি দিয়া হৈছে  ।  পাঠটিৰ লেখক জয়ন্ত মাধৱ

বৰা  ।

      লেখকে  দাঙি  ধৰা  উক্ত  বাক্যশাৰী  ড॰  সৰ্বপল্লী

ৰাধাকৃষ্ণণে  কৈছিল  ।  লেখকে  কৈছে   দূষিত  বায়ু ,  অবাঞ্ছিত

বিশৃংখল  শব্দ  ,  মাটি ,  পানী  এইবোৰৰ  প্ৰদূষণে  আমাৰ

চৌপাশৰ  পৰিৱেশ  যেনেদৰে  প্ৰদূষিত  কৰি  মানুহৰ   সুস্থ

জীৱন  ধাৰণ  প্ৰণালীত  প্ৰতিকূলতাৰ  সৃষ্টি  কৰে ,  ঠিক

সেইদৰে   অন্ধবিশ্বাস  আৰু  কু-সংস্কাৰেও  প্ৰেম , মমতা  ,

মানৱতা  আদি  মানৱীয়  প্ৰমূল্যসমূহক  আঘাত   কৰি  সভ্য

মানৱ  সমাজ  এখনক  কলুষিত   কৰে  ।  জনজীৱনৰ  সুস্থ

জীৱন-ধাৰণৰ  ব্যৱস্থাটোক  বিপৰ্যস্ত  কৰি  সমাজখনক  অশান্ত

আৰু  অস্থিৰ  কৰি  তোলে  ।  অথচ  এই  অন্ধবিশ্বাস  ,

কুসংস্কাৰ  ,  উৰাবাতৰিৰ  অপপ্ৰচাৰ  মানুহেই   সৃষ্টি   কৰে  ।

মানুহেই  মানুহৰ   শত্ৰু   হৈ  পৰে ।  সেয়ে  কোৱা  হৈছে

অন্ধবিশ্বাস  , কুসংস্কাৰ  পৃথিৱীৰ  আটাইতকৈ  গধুৰ  বোজা  ।











Thursday, 26 March 2020

Student's Guide : Class 9|Assamese Textbook Solution | অসমীয়া সাহিত্য চয়নিকা( নতুন) -- প্ৰথম ভাগ|পাঠ নং ০৭ : সময় -- নীলমণি ফুকন|

পৃষ্ঠা নং  : ৩১

প্ৰশ্নাৱলী : 

ভাব - বিষয়ক  : 

১৷ চমু উত্তৰ দিয়া  : 

( ক ) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ  : নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি ।

( খ ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়  ?

উত্তৰ  : কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ।

( গ ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ  : সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ , কল্প  আৰু শতাব্দী ।

( ঘ ) সময়ৰ দণ্ড, পল , অনুপলক  কি বোলা হয়  ?

উত্তৰ  : সময়ৰ দণ্ড, পল , অনুপলক সময়ৰ ভগ্নাংশ বা সৰু ভাগ বোলা হয় ।

( ঙ ) সময় কি গতিত ঘুৰে ?

উত্তৰ  : সময় বৃত্তাকাৰ গতিত ঘুৰে ।

২৷ তাৎপৰ্য ব্যাখ্যা কৰা  : 

( ক) এলেহুৱাৰ দিন নাযায় নুপুৱায় ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য

চয়নিকা" , 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

     উক্ত বাক্যশাৰী দ্বাৰা লেখকে  মানুহৰ এলেহুৱা ভাৱৰ ওপৰত

গুৰুত্ব প্ৰদান কৰিছে । সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম । কৰ্মৰ

মাজেদি সময়ৰ গতি ধৰিব পাৰি । এলেহুৱাৰ দিনটো নাযায়-

নুপুৱায় কাৰণ তেওঁলোকৰ  কোনো কৰ্ম তালিকা নাথাকে । কিন্তু

কৰ্মী লোকৰ মতে দিনটো  চকুৰ পচাৰতে গ'ল যেন লাগে ।

এওঁলোকৰ নিজস্ব কৰ্ম তালিকা থাকে । এই কাৰণেই বোধকৰো

মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় ।

( খ ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি  "অসমীয়া সাহিত্য

চয়নিকা" , সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

      উক্ত বাক্যশাৰীৰ  দ্বাৰা লেখকে মানুহৰ এহেজাৰ যুগৰ কৰ্মৰ

খতিয়ান ভগৱান ব্ৰহ্মাই এদিনত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান

কৰিছে । মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন

আৰু এৰাতি । বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি

ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব

লগা হৈছে , সেইকথা মানুহৰ কল্পনাৰো অতীত । ব্ৰহ্মাই

যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়  মানুহৰ দিন ৰাতিৰ কামৰ

তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে । মানুহৰ এক

কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এয়েই ।

( গ ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি  "অসমীয়া সাহিত্য

চয়নিকা" , সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

      লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা  কৈছে যে কৰ্মৰ মাজেদি

সময়ৰ গতি ধৰিব পাৰি । উদ্ভাৱিকা শক্তিৰ বলত মানুহে  লাহে

লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ সক্ষম হৈছে যদিও

সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি  হৈছে কৰ্ম । মানুহে কৰ্মৰ অবিহনে

সময়ৰ গতি ধৰিব নোৱাৰে । সেয়ে এলেহুৱাৰ দিনটো নাযায়-

নুপুৱায় ।

৩৷ পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া ।

উত্তৰ  : "সময়" নামৰ পাঠটিৰ লেখকৰ নাম হৈছে নীলমণি

ফুকন । তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাত । স্কুলীয়া শিক্ষা

ডিব্ৰুগড়ত , কটন কলেজত এফ এ , কোচবিহাৰৰ পৰা বি

এ  আৰু কলিকতাত আইন শিক্ষা গ্ৰহণ কৰে । তেওঁৰ সাহিত্যৰ

প্ৰতি ধাউতি আছিল । তেওঁৰ প্ৰধান সাহিত্য কৃতি হ'ল - 'সাহিত্য

-কলা' , 'চিন্তামণি' , 'জ্যোতিকণা' , 'মানসী' , 'সন্ধানী' । তেওঁ

'আলোচনী' আৰু 'ন- জোন' কাকতৰ সম্পাদক আছিল । লগতে

অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন

শুৱনি কৰিছিল ।





   


Monday, 23 March 2020

Student's Guide : Class 9| Assamese Textbook Solution |অসমীয়া সাহিত্য চয়নিকা ( নতুন ) - প্ৰথম ভাগ|পাঠ নং ০৬ :অন্যৰ প্ৰতি ব্যৱহাৰ - সত্যনাথ বৰা|


পৃষ্ঠা  নং  : ২৪  - ২৫ 

প্ৰশ্নাৱলী :

ভাব- বিষয়ক : 
(১)  (ক) 'সাৰথি ' পুথিখন কাৰ ৰচনা ? 

উত্তৰ : 'সাৰথি ' পুথিখন  সত্যনাথ বৰাৰ ৰচনা ।

     (খ ) কি নজনাৰ নিমিত্তে  বহুত মানুহে জীৱনত নানাবিধ 

উপদ্ৰৱ ভুগিবলৈ পায় ? 

উত্তৰ  : সংসাৰত সমাজ পাতি বাস কৰা মানুহে আনৰ লগত 

কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে 

কাল নিয়াব পাৰি, এই কথা নজনাৰ নিমিত্তে বহুতমানুহে জীৱনত

 নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।

     (গ )  কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ? 

উত্তৰ : নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰি 

মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।

     (ঘ ) সজ ব্যৱহাৰৰ অনুপান কি ? 

উত্তৰ  : নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান ।

    (ঙ ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়  ? 

উত্তৰ  : মনত অহংকাৰ ৰাখি মুখত নম্ৰ  হ'লে মানুহক ছল 

কৰা হয় । তেনে আচৰণ ত্যাগ কৰি ব্যৱহাৰত মনে-মূখে একে 

হ'বলৈ সততে চেষ্টা কৰা উচিত ।

     (চ ) 'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।' --- ইয়াত 

কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে  ?

উত্তৰ  : ইয়াত ,  যিবোৰ লোকে আনৰ গুপ্ত কথা লুকাই ৰাখিব 

নোৱাৰি সদৰী কৰে তেনে শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে  ।

    (ছ ) কাৰ লগত সম্পৰ্ক ৰাখিলে শঠতাক প্ৰশয় দিয়া হয়  ? 

উত্তৰ  : শঠৰ লগত সম্পৰ্ক ৰাখিলে শঠতাক প্ৰশয় দিয়া হয়  ।

    (জ ) 'বহল ব্যাকৰণ ' পুথিখন কাৰ ৰচনা  ? 

উত্তৰ  : 'বহল ব্যাকৰণ ' পুথিখন সত্যনাথ বৰাৰ  ৰচনা  ।

(২) চমুকৈ বুজাই লিখা  : 

      (ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব

নোৱাৰি ?

উত্তৰ: মানুহৰ ব্যক্তিত্ব গঠনত সজ চৰিত্ৰই প্ৰধান ভূমিকা পালন

কৰে ।  সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ

হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয় । অনেক চৰিত্ৰৱন্ত

মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা-গৰিহণাৰ ভাজন হয় ।

আকৌ অনেক কপটীয়া-ছলাহী মানুহো ব্যৱহাৰৰ গুণত

সকলোৰে মৰম পায় । সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি

উলাই কৰিব নোৱাৰি ।

     (খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে  ?

উত্তৰ : অবাবত কেটেৰা মাত মাতি মানুহৰ মনত দুখ দিব নালাগে

 । সমাজৰ কিছু নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি

কেটেৰা মাৰিহে  মানুহৰ লগত কথা কয়। কেৱল কঠুৱা মাতৰ

দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে । সিহঁতৰ গাত লক্ষ

গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায় ।

তেনে মানুহ অৰ্বুদ দানৰ ফল একে নিমিষতে হেৰাই পেলায়।

সেয়ে বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে।

(৩) তাৎপৰ্য ব্যাখ্যা কৰা : 

      ( নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।

উত্তৰ: উক্ত বাক্যটো আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য

চয়নিকা', অন্যৰ প্ৰতি ব্যৱহাৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।

পাঠটিৰ লেখক সত্যনাথ বৰা ।

      বাক্যশাৰীৰ দ্বাৰা মানুহৰ নম্ৰতা গুণৰ ওপৰত গুৰুত্ব দিয়া

হৈছে ।

      যেনেদৰে উচিত অনুপানেৰে ঔষধ  খালে সি বেছি গুণ দিয়ে

ঠিক সেইদৰে সজ ব্যৱহাৰত নম্ৰতা  মিহলালে তাৰো উপকাৰ

সৰহ হয় । দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে , সেই

দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ

হোৱা উচিত । বহুতে ভাবে যে লোকৰ আগত নম্ৰ  হ'লে নিজক

সৰু  বা লঘু  কৰা হয় । এই বিশ্বাস ভুল । নম্ৰতা ডাঙৰ আশয়ৰ

চিন; তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । নম্ৰতা এটা মনৰ

গুণ, মিঠা মাত তাৰ ফল । মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে

আপোনা-আপুনি মিঠা মাত ওলায় । সেয়ে এই গুণ আয়ত্ব কৰি

ব্যৱহাৰত মনে-মুখে একে হ'বলৈ চেষ্টা কৰা উচিত ।

      (খ) সোণৰ জেউতি অমান্য কৰিলে নকমে ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি " অসমীয়া সাহিত্য

চয়নিকা " , 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

পাঠটিৰ লেখক সত্যনাথ বৰা ।

      বাক্যশাৰীৰ দ্বাৰা  লেখকে সজ চৰিত্ৰ অধিকাৰী লোকৰ

প্ৰশংসা কৰিছে ।

      গুণীৰ গুণ সকলো সময়তে সোণৰ জেউতি দৰে একে থাকে

। এই গুণে ব্যক্তিত্ব বিকাশত অৰিহণা যোগায় । কোনো কোনো

মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়,

সেই দেখি ছল পালে অমান্য কৰিবলৈ নেৰে । কিন্তু সিহঁতে ভাবি

নাচায় যে মান্যৱন্ত লোকক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি

। সেয়ে কোৱা হৈছে সোণৰ জেউতি অমান্য কৰিলে নকমে ।

ভাষা বিষয়ক : 

(৪) বিপৰীতাৰ্থক শব্দ লিখা  : 

সুখ -- দুখ

সন্তোষ -- অসন্তোষ

সজ -- অসজ

চৰিত্ৰৱন্ত  -- চৰিত্ৰহীন

কপটীয়া  -- অকপটীয়া

মিঠা  -- তিতা

বিনয়  -- গৰ্ব

নম্ৰতা  -- অহংকাৰ

লঘু -- গুৰু

উচ্চ  -- নিম্ন

নিন্দা -- প্ৰশংসা

গুপ্ত  -- মুক্ত

দোষ -- গুণ

গহীন -- চঞ্চল

আঢ্যৱন্ত  -- দৰিদ্ৰ

(৫) বাক্য ৰচনা  কৰা : 

চকুৰ কুটা ( অতি অপ্ৰিয় লোক ) : মানুহে নিজৰ কেটেৰা মাতৰ

দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে ।

পেটত কথা ৰাখ্ ( কপটীয়া ) : আমি অকথ্যৰ বাদে, পেটত কথা

ৰাখিব নালাগে ।

www.prodiptutorservices.blogspot.com

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...