Showing posts with label Assamese Grammar Section ( অসমীয়া ব্যাকৰণ বিভাগ ). Show all posts
Showing posts with label Assamese Grammar Section ( অসমীয়া ব্যাকৰণ বিভাগ ). Show all posts

Tuesday, 29 June 2021

SUBSTITUTION OF SINGLE WORDS

■ A place where horses are kept - Stable   (ঘোঁৰাশাল)
■ A place where dogs kept - Kennel(কুকুৰচোং)
A place where cars are kept - Garage(গেৰেজ)
A place where birds, animals etc. are kept for
   show - Zoo(চিৰিয়াখানা)
■ A place where objects of ancient relics,
    historical objects etc. are kept for exhibition
    - Museum(সংগ্ৰহালয়/যাদুঘৰ)
A place where goods are loaded and unloaded
   from ship - Port(বন্দৰ)
■ A place where the Hindus go for prayer -
   Temple(মন্দিৰ)
■ A place where the Muslims go for prayer -
   Mosque(মছজিদ)
A place where the Christians go for prayer -
   Church(গীৰ্জা)
A place where dead bodies are kept for a time -
   Morgue(শৱাঘৰ)
■ One who makes things out of gold - Goldsmith
   (সোণাৰী)
One who makes garments out of cloths - Tailor
   (দৰ্জী)
■ One who makes things out of of Iron -
   Blacksmith(কমাৰ)
One who makes table, chairs etc. out of wood -
   Carpenter(কাঠ মিস্ত্ৰী)
■ One who makes/sells jewellery - Jeweller
   (ৰত্নবণিক)
■ One who sells rice, sugar etc. - Grocer(দোকানী)
■ One who pulls out teeth - Dentist(দন্ত চিকিৎসক)
■ One who practices law - Lawyer, Advocate
   (উকীল/আইনজীৱী)
One who drives an aeroplane - Pilot(বৈমানিক)
One who delivers letters - Postman(পিয়ন/
   ডাকোৱাল)
■ One who compose poems - Poet(কবি)
■ One who writes novels - Novelist(ঔপন্যাসিক)
■ One who gives magic show - Magician(যাদুকৰ)
■ One who begs door to door - Beggar(মগনীয়া)
■ One who cuts hair - Barbar(নাপিত)
■ One who ploughs land - Cultivator(খেতিয়ক)
■ One who loves own country-Patriot(দেশপ্ৰেমিক)
■ One who works in the same office - Colleague
   (সহকৰ্মী)
One who is the head of a school - Headmaster
   (প্ৰধান শিক্ষক)
■ One who does not eat meat or fish - Vegetarian
   (নিৰামিষহাৰী) 

Friday, 27 March 2020

Student's Guide : Assamese Grammar(অসমীয়া ব্যাকৰণ) | অসমীয়া যুক্তাক্ষৰ শব্দ |

Class 4| ASSAMESE TEXTBOOK SOLUTION  (SCERT)|অসমীয়া পাঠ্যপুথি  " অংকুৰণ " ৰ পাঠভিত্তিক সংগৃহীত| যুক্তাক্ষৰ শব্দ সম্ভাৰ  : 

ষ্ণ = ষ + ণ  ;   শব্দ   = বিষ্ণু  , বৈষ্ণৱ  , সহিষ্ণু  

শ্ব = শ + ব  ;    শব্দ  = অশ্ব  , নশ্বৰ , নৰেশ্বৰ  

ণ্ড = ণ + ড  ;    শব্দ  = লণ্ডন  , খণ্ডন , মুণ্ডন  

ল্প = ল + প ;    শব্দ  = গল্প  , অল্প  , শিল্প  , শিল্পী  

স্কৃ = স + ক + ঋ ;  শব্দ  = সংস্কৃতি , সংস্কৃত   

ক্ষ্ম = ক্ষ + ম ;    শব্দ  = সূক্ষ্ম  , যক্ষ্মা , লক্ষ্মী  

ঙ্গ = ঙ + গ ;    শব্দ  = অঙ্গ , সঙ্গ , সুৰঙ্গ  

জ্ৰ = জ + ৰ ;    শব্দ  = বজ্ৰ , বজ্ৰধৰ , বজ্ৰলেপ , বজ্ৰপাত  

ন্ধ = ন + ধ ;    শব্দ  = অন্ধ , আন্ধাৰ  , অন্ধকাৰ  

ন্দ = ন + দ ;    শব্দ  = আনন্দ  , নন্দন  , নন্দ  , নন্দিনী  

হ্ম = হ + ম ;    শব্দ  = ব্ৰহ্মা  , ব্ৰহ্মাণ্ড , ব্ৰহ্মানন্দ 

শ্চ = শ + চ ;     শব্দ  = পশ্চিম  , পশ্চিমীয়া  , পশ্চিমবংগ 

দ্ম = দ + ম ;    শব্দ  = পদ্ম , ছদ্মনাম  , পদ্মাৱতী 

ন্ম = ন + ম ;    শব্দ  = জন্ম  , জন্মদিন , জন্মাষ্টমী 

ক্ম = ক + ম ;    শব্দ  = ৰুক্ম , ৰুক্মিণী  , ৰূক্মিণীহৰণ 

ত্ম = ত + ম ;       শব্দ  = আত্মা  , মহাত্মা  , পৰমাত্মা 

গ্ম = গ + ম ;     শব্দ  = বাগ্মী , যুগ্ম  , অযুগ্ম  

ল্ম = ল + ম ;     শব্দ  = গুল্ম  , কল্মৌ , বাল্মিকী 

ক্ল = ক + ল ;     শব্দ  = ক্লান্ত , ক্লেশ  , শুক্লপক্ষ 

গ্ল = গ + ল ;      শব্দ  = গ্লানি , গ্লোব , গ্লুকোজ 

প্ল = প + ল ;       শব্দ  = প্লেগ , প্লাৱন  , বিপ্লৱ  

ফ্ল = ফ + ল ;      শব্দ  = ফ্লেগ , ফ্লাক্স , ফ্লোৰেন্স 

ম্ল = ম + ল ;        শব্দ  = ম্লান  , অম্লান , অম্লজান  

ল্ল = ল+ ল ;      শব্দ  = দিল্লী  , উল্লাস  , কল্লোল 

ন্স = ন + স ;       শব্দ  = ফ্ৰান্স  , ঝান্সী 

শ্ল = শ + ল ;       শব্দ  = শ্লোক , শ্লেষ্মা , সংশ্লিষ্ট 

ব্ল = ব + ল ;       শব্দ  = ব্লেড , ব্লাউজ , ব্লেকবোৰ্ড 

হ্ল = হ + ল ;        শব্দ  = আহ্লাদ , প্ৰহ্লাদ  

ত্ন = ত + ন ;        শব্দ  = পত্নী  , যত্ন  , ৰত্ন  

ক্ষ্ণ = ক্ষ + ণ ;       শব্দ  = তীক্ষ্ণ  

হ্ণ = হ + ণ ;            শব্দ  = অপৰাহ্ণ , প্ৰাহ্ণ ( দুপৰীয়া  ) 

হ্ন = হ + ন ;          শব্দ  = অহ্ন  ( দিন ) 

ন্তু = ন + ত + উ ;    শব্দ  = জন্তু , কিন্তু  

স্তু = স + ত + উ ;     শব্দ  = বস্তু  , স্তুতি 

স্হ = স + হ ;     শব্দ  = স্হায়ী , স্হান 

ত্ৰ = ত + ৰ ;       শব্দ  = পত্ৰ , সূত্ৰ 

ঞ্জ = ঞ + জ ;      শব্দ  = আঞ্জা  , অঞ্জলি  

ধ্ব = ধ + ব ;        শব্দ  = ধ্বনি  , ধ্বংসাত্মক 

ভ্য = ভ + য ;      শব্দ  = সভ্য  , সভ্যতা 

ল্গ = ল + গ ;      শব্দ  = ভল্গা , বল্গা 

ণ্ঢ = ণ + ঢ ;      শব্দ  = সণ্ঢালনি  , সণ্ঢালন 

ষ্প = স + প ;     শব্দ  = বাষ্প , পুষ্প  

ত্ম্য = ত + ম + য ;   শব্দ  = মাহাত্ম্য , দৌৰাত্ম্য 

ষ্প্ৰ = ষ + প + ৰ ;   শব্দ  = নিষ্প্ৰাণ , দুষ্প্ৰাপ্য  

ষ্ক্ৰ = ষ + ক + ৰ ;    শব্দ  = নিষ্ক্ৰিয়  , নিষ্ক্ৰান্ত 

ন্ত্ৰ = ন + ত + ৰ  ;     শব্দ  = মন্ত্ৰ  , যন্ত্ৰ  

ক্ত = ক + ত  ;       শব্দ  = শাক্ত , শক্তিশালী  

শ্ন = শ +ন ;       শব্দ  = প্ৰশ্ন , প্ৰশ্নবোধক 

www.prodiptutorservices.blogspot.com

Sunday, 22 March 2020

ASSAMESE GRAMMAR | অসমীয়া ব্যাকৰণ | অৰ্থৰ ভিন্নতা থকা কিছুমান শব্দ |

একে উচ্চাৰণৰ বানান আৰু অৰ্থৰ ভিন্নতা থকা কিছুমান শব্দ  :
ই আৰু ঈ কাৰ যুক্ত শব্দ 

আস্তিক ( ধাৰ্মিক, ঈশ্বৰ বিশ্বাসী )

আস্তীক ( এজন মুনিৰ নাম) 

এৰি ( এৰ্ ধাতুৰ অসমাপিকা ৰূপ ) 

এৰী ( এবিধ  পলু )

কড়ি ( এবিধ সৰু শামুক) 

কৰী ( হাতী )

কলি ( এটা যুগ , কুমলীয়া গুটি )

ক'লী ( ক'লাৰ স্ত্ৰী  লিঙ্গৰ ৰূপ ) 

কানি ( কাপোৰ, অফিং ) 

কাণী ( অন্ধ তিৰোতা) 

কাঁহি ( কাঁহ ধাতুৰ অসমাপিকা ৰূপ  ) 

কাঁহী ( কাঁহৰ ভাত  খোৱা যতন , থাল ) 

কৃতি ( কাৰ্য ) 

কৃতী ( কৃতকৰ্মা ) 

খৰচি ( সাম্যক ৰূপে ) 

খৰচী ( খৰচ সাধ্য ) 

গণ্ডি ( চৌহদ ) 

গণ্ডী ( ধনু ) 

গিৰি ( পৰ্বত ) 

গিৰী ( গৰাকী )

ঘাটি ( কম , গোট খোৱা  ঠাই ) 

ঘাতী ( বধ কৰোঁতা )

চিন ( চিহ্ন ) 

চীন ( এখন দেশৰ নাম  )

চকি ( একোটা অঞ্চল )

চকী ( এবিধ  আসন )

ছুটি ( চেঁকুৰ , ঢাপলি ) 

ছূটী ( কামৰ পৰা সাময়িক অৱসৰ ) 

চেকনি ( এছাৰি ) 

ছেকনী , ছেকনি ( ছেকা সঁজুলি )

জালি ( চিত্ৰ কটা ধাতুৰ পদাৰ্থ )

জালী ( অপৈনত  ফল ) 

টিকা ( তিলক ) 

টীকা ( ব্যাখ্যা, ভাষ্য )

ঠগি ( ঠগ্ ধাতুৰ অসমাপিকা ৰূপ )

ঠগী ( থাপনা )

তলি ( তলৰ অংশ )

তলী ( স্হলী )

তুলি ( দাঙি )

তুলী ( তুলাৰ গাদী )

দিন ( দিৱস )

দীন ( দুখীয়া )

দ্বিপ ( হাতী )

দ্বীপ ( পানীৰে আগুৰা ঠাই )

ধ্বনি ( শব্দ )

ধনী ( চহকী )

পকি ( পক্ ধাতুৰ অসমাপিকা ৰূপ )

পকী ( ইটা, বালি, শিল আদিৰে নিৰ্মিত )

পৰিক্ষিত ( এজন ৰজাৰ  নাম )

পৰীক্ষিত ( পৰীক্ষাসিদ্ধ )

পাণি ( হাত ) 

পানী ( জল ) 

পিত ( পিত্ত )

পীত ( হালধীয়া )

পিন ( আলপিন )

পীন ( স্হূল , ডাঙৰ )

ফণি ( চুলি আঁচোৰা সঁজুলি )

ফণী ( সাপ )

বলি ( ভাগৱতত উল্লিখিত  এজন  ৰজাৰ  নাম )

বলী ( বলৱান )

বাকি ( ঢালি )

বাকী ( উঠনা , অৱশিষ্ট  )

বাগি ( চাতুৰি )

বাগী ( এবিধ  বাহন )

বাজি ( পণ )

বাঁজী ( বন্ধ্যা , সন্তান  নথকা )

বানি ( তাঁত বা কাপোৰৰ  পথালি দিশ )

বাণী ( বাক্য , বচন )

বাৰি ( পানী )

বাৰী ( গছ-গছনি থকা ঠাই  )

বালি ( বলুকা ) 

বালী ( কিস্কিন্ধ্যাৰ ৰজা সুগ্ৰীৱৰ ককায়েক )

ভৰণি ( ক্ষতিপূৰণ )

ভৰণী ( এটা নক্ষত্ৰ )

মহিষ ( ম'হ )

মহীশ ( পৃথিৱীশ্বৰ )

মুচি ( কঁঠালৰ কলি )

মুচী ( চৰ্মকাৰ )

লিখনি ( ৰচনা ) 

লেখনী ( কলম )

শালি ( এবিধ ধান )

শালী ( যুক্ত বিশিষ্ট  )

শিল ( প্ৰস্তৰ ) 

শীল ( আচৰণ ) 

সাৰি ( সাৰ্ ধাতুৰ অসমাপিকা ৰূপ  )

শাৰী ( শ্ৰেণী )

সিটা ( ৰস চেপি উলিওৱা জাবৰ )

সীতা ( ভগৱান ৰামৰ পত্নী ) 

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...