Friday, 3 April 2020

Student's Guide : Class 9 |Assamese Textbook Solution| অসমীয়া সাহিত্য চয়নিকা (নতুন)-প্ৰথম ভাগ|পাঠ নং ০৮ : অন্ধবিশ্বাস আৰু কুসংস্কাৰ -- জয়ন্ত মাধৱ বৰা|

পৃষ্ঠা নং : ৪০

শব্দাৰ্থ আৰু টোকা  : 

অপদেৱতা  অহিত বা অপকাৰ  সধা দেৱতা  ; ভূত - প্ৰেত  ।

অবাঞ্ছিত   যিটো বাঞ্ছা কৰা নহয়  , বিচৰা নহয়  । 

ইতিবাচক  কোনো কথা বা কামৰ প্ৰতি সন্মতিসূচক ।

কলুষিত  কলংকযুক্ত   ।

গতিৰোধক  গতিক বাধা দিয়া  ব্যবস্থা  । 

গুজৱ   উৰাবাতৰি   ।

দেহাবয়ব  দেহৰ গঠন  ; দেহৰ অবয়ব  ।

নেতিবাচক   অসন্মতি  প্ৰকাশ  কৰা , ঋণাত্মক   ।

প্ৰতিকুলতা  বিপৰীত  অৱস্থা  , বাধা  ।

প্ৰমূল্য  মানদণ্ড  , বিশেষ মূল্য  ।

বন্দিত  : যাক বন্দনা কৰা হয়  , পূজনীয়  ।

বড়ি  ঔষধৰ সৰু  ঘূৰণীয়া  গুটি ।

ভ্ৰান্ত বিশ্বাস   ভুল ধাৰণা  ।

মনস্তাত্বিক   মনৰ প্ৰকৃতি  সম্পৰ্কীয়  ।


প্ৰশ্নাৱলী  : 
--------------
ভাব - বিষয়ক  : 

১। চমু উত্তৰ  দিয়া  : 

( ক ) উৰাবাতৰি  মানে কি ? 

উত্তৰ  : যিবোৰ  বাতৰি  সত্যৰ  ওপৰত  প্ৰতিষ্ঠিত   নহয়  , অথচ 

অজ্ঞতাৰ  কাৰণে   বা   মানুহক  উত্তেজিত   কৰি  তুলিবৰ  

বাবেই   উদ্দেশ্য   প্ৰণোদিতভাৱে   প্ৰচাৰ   কৰা  হয়   আৰু   

চিন্তাশূন্য   , বিবেকশূন্য  কিছু   লোকে   সেই   বাতৰিক  সত্য  

বুলি  বিশ্বাসো কৰে , সেয়াই  সহজ  ভাষাত   উৰাবাতৰি  ।

( খ ) কুসংস্কাৰ   মানে  কি   ? 

উত্তৰ  : যিবোৰ  নীতি -নিয়ম  ,  ব্যৱস্থা  ,  পৰম্পৰা   এখন  সুস্থ  

সমাজৰ   পৰিপন্থী   ,  সমাজৰ   অগ্ৰগতিত  গতিৰোধক   হৈ  

থিয়  দিয়ে  সেইবোৰেই  হৈছে  কুসংস্কাৰ   ।  কুসংস্কাৰে  মানুহৰ  

চিন্তাৰ  দিগন্তক  প্ৰসাৰিত  নকৰে   । 

( গ ) 'অন্ধবিশ্বাস , কুসংস্কাৰ  পৃথিৱীৰ  আটাইতকৈ  গধুৰ  

বোজা । ' --- কথাষাৰ   কোনে  কৈছিল  ? 

উত্তৰ  : উক্ত  কথাষাৰ  ড°  সৰ্বপল্লী  ৰাধাকৃষ্ণণে  কৈছিল  । 

( ঘ ) কোনখন  সন্ধিৰ  পিছত  আৰু  কেতিয়া  অসম  বৃটিছৰ  

অধীনলৈ  যায়  ? 

উত্তৰ  : ১৮২৬  চনৰ  ইয়াণ্ডাবু  সন্ধিৰ  পিছত  অসম  বৃটিছৰ  

অধীনলৈ  যায়  । 

( ঙ ) অসমলৈ  আহি  শদিয়াৰ  সেমেকা  জলবায়ুত  

মিছনেৰীসকল  কেনে  ধৰণৰ  ৰোগত  আক্ৰান্ত  হৈছিল  ? 

উত্তৰ  : অসমলৈ  আহি  শদিয়াৰ  সেমেকা জলবায়ুত  

মিছনেৰীসকল  কলেৰা  ৰোগত  আক্ৰান্ত  হৈছিল  ।

২৷  অন্ধবিশ্বাস  মানে  কি  ?  অন্ধবিশ্বাসে  সমাজত  কেনে  

ধৰণৰ  সমস্যাৰ  সৃষ্টি  কৰিব  পাৰে  লিখা  ? 

উত্তৰ  : যিবোৰ  বিশ্বাস  বা  ধাৰণা  যুক্তিৰ  ওপৰত  প্ৰতিষ্ঠিত  

নহয়  ,  বিজ্ঞানে  যিবোৰ  বিশ্বাসক  , ধাৰণাক  , ঘটনাক  অসত্য 

আৰু  অমূলক  বুলি  প্ৰতিপন্ন  কৰিছে  সেইবোৰেই  হৈছে  

অন্ধবিশ্বাস  । 

      অন্ধবিশ্বাসে  সমাজত  এক  জটিল  সমস্যাৰ  সৃষ্টি  কৰে ।

ভূতক  লৈ  আমাৰ  সমাজত  বহুত  অন্ধবিশ্বাস  আছে  ।  

গ্ৰামাঞ্চলত  আজিও  ৰাতি  ভূত  ওলায়  বুলি  বহুতে  বিশ্বাস  

কৰে ।  কেৱল  গাঁও  অঞ্চলতে  নহয়  , চহৰাঞ্চলতো 

ল'ৰা-ছোৱালীৰ  মনত  ভূতৰ  ভয়  আছে  ।  ল'ৰা-ছোৱালীৰে 

নহয়  , ডাঙৰৰো  আছে  ।  

      'সোপাধৰা ' আন  এক  অন্ধবিশ্বাস  ।  কিছুমান  ঠাইত  

' ল'ৰাধৰা ' বুলিও  মানুহৰ  মাজত  প্ৰচলিত  । এই  সম্পৰ্কত  

উৰাবাতৰি  এনেদৰে  ওলায়  যে  বেলেগ ঠাইৰ  পৰা  বেলেগ  

দেহাবয়বৰ  এজন  বা  দুজন  লোক  আহি  সেই  ঠাইৰ  সৰু  

ল'ৰাৰ  মূখত  সোপা  মাৰি  ধৰি  লৈ  যায়  । মানুহে  সত্যাসত্য  

বিচাৰ  নকৰি  অচিনাকি  আৰু  সচৰাচৰ  নেদেখা  দেহাবয়বৰ  

মানুহ  দেখিলেই  আক্ৰমণ  কৰি  এক  অপ্ৰীতিকৰ  অমানৱীয়  

পৰিস্থিতিৰ  সৃষ্টি  কৰে  ।

      বৰ্তমান  সময়তো  আমাৰ  সমাজত  বিশেষকৈ  

গ্ৰামাঞ্চলবোৰত  ' ডাইনী ' ক  লৈ  এক  অন্ধবিশ্বাসে  গা  কৰি 

উঠিছে  ।  ইয়াৰ  পৰিণামস্বৰূপে   বহুত  অপ্ৰীতিকৰ  পৰিস্থিতিৰ 

সৃষ্টি  হৈছে  ।  আনকি  সংঘৰ্ষ  বা  হত্যা  আদি  অমানৱীয়  

ক্ৰিয়া-কলাপো  সংঘটিত  হৈছে  ।  ' ডাইনী ' এক  সামাজিক  

ব্যাধি  , এক  কল্পিত  সন্ত্ৰাস  ।  ডাইনী  এক  ভ্ৰান্ত  বিশ্বাস  ।  

ভূত-প্ৰেত ,  সোপাধৰা , ডাইনী   এইবোৰৰ   অস্তিত্ব  বিজ্ঞানে  

নস্যাত  কৰিছে  ।  একবিংশ  শতিকাৰ  বিজ্ঞান  আৰু  

প্ৰযুক্তিবিদ্যাৰ   চৰম  উন্নতিৰ  যুগতো , সহজভাৱে  টকা  

ঘটিবলৈ  খুব  চতুৰালিৰে  কৰা  এইবোৰ  দুষ্ট  লোকৰ   কাম  । 

৩৷ কি  কি  কাৰণত  অন্ধবিশ্বাস  , কুসংস্কাৰৰ  দ্বাৰা  জনসাধাৰণ

প্ৰভাৱিত  হয়  ? 

উত্তৰ  : অন্ধবিশ্বাস  , কুসংস্কাৰৰ  দ্বাৰা  জনসাধাৰণ  প্ৰভাৱিত  

হোৱা  কেইবাটাও  কাৰণ  আছে  ।  তাৰে  কেইটামান  মূখ্য  

কাৰণ  তলত  উল্লেখ  কৰা  হ'ল  ------

১)  সম্প্ৰতি  অসমৰ   সাক্ষৰতাৰ   হাৰ  ৭৩ . ১৮   শতাংশ  । 

পুৰুষৰ   ৭৮ .৮১  শতাংশ   আৰু   মহিলাৰ   ৬৭ .২৭  শতাংশ  ।

সেই  দৃষ্টিকোণৰ  পৰা চাবলৈ  গ 'লে  শিক্ষাৰ  অভাৱৰ  বাবে  

বুলি   কোৱাতকৈ  জ্ঞানৰ  অভাৱৰ  বাবেহে   মানুহ   কুসংস্কাৰ  , 

অন্ধবিশ্বাসৰ  বশৱৰ্তী  হয়   বুলি   ক'ব  পাৰি  ।  জ্ঞানৰ  অভাৱৰ 

বাবেই  এজন  মানুহে   তেওঁৰ   আৱেগক  নিয়ন্ত্ৰণ   কৰিব  

 নোৱাৰে  ।  আবেগ  নিয়ন্ত্ৰণ   কৰিব   নোৱাৰাৰ  এটা  মূল  

 কাৰণ   হৈছে  অধ্যয়নবিমুখিতা  ।  মানুহ   শিক্ষিত   হৈছে   , 

কিন্তু   সেই  অনুপাতে   হৈছে   অধ্যয়নবিমুখ ।  যাৰ ফলত  

সমাজত   বিশৃংখল  পৰিৱেশ   ,  অপ্ৰীতিকৰ   পৰিস্থিতিৰ  সৃষ্টি  ,

অমানৱীয়   কাৰ্য  - কলাপ  সংঘটিত  হৈছে  ।  

২)  প্ৰত্যেক  মানুহেই  নিজৰ  স্বভাৱ  ,  চৰিত্ৰ  আৰু  জীৱনৰ

পৰা  পোৱা   শিক্ষাৰ   ওপৰত  ভিত্তি  কৰি   সন্মুখত   দেখা

ঘটনা  একোটাক  বিশ্লেষণ  কৰে  ।  ঘটনাটোত  তেওঁৰ  ভূমিকা

ইতিবাচক  হ'ব  নে  নেতিবাচক   হ'ব ,   সেইটো  নিৰ্ভৰ  কৰে

তেওঁৰ দৃষ্টিভংগীৰ  ওপৰত  ।  কিন্তু  ভোগসৰ্বস্ব  , অধ্যয়নবিমুখ  ,

গভীৰ  চিন্তাৰে  নিজক  উজ্জ্বলাব  নোৱাৰা  আজিৰ  প্ৰায়বোৰ

মানুহে  কথাবোৰ  ,  সন্মুখত  ঘটা  ঘটনাবোৰ  প্ৰায়ে  নেতিবাচক

দৃষ্টিভংগীৰে  চায় ।

৩) যিবিলাক  মানুহক  ভাল  কাম কৰাৰ  দায়িত্ব  দিয়া  হৈছে  ,

দেখা  গৈছে   ক্ষুদ্ৰ  ক্ষুদ্ৰ  স্বাৰ্থসিদ্ধিৰ  বাবে  সেই  দায়িত্বশীল

মানুহবোৰেও  কেতিয়াবা   সমাজৰ  বাবে  নেতিবাচক  কাম

কৰে ।  নেতৃস্থানীয়  ব্যক্তিসকলৰ   তেনে কাম - কাজ  তেওঁৰ

অনুগামীসকলেও  অনুকৰণ  কৰাৰ  ফলত  সমাজৰ  কাৰণে

কেতিয়াবা   ভয়ংকৰ ভাৱে  ক্ষতিকাৰক  হৈ  পৰে  ।

৪) ভ্ৰমণ  হৈছে  শিক্ষাৰ  এক  অন্যতম  অংগ  ।  ভ্ৰমণৰ যোগেদি

মানুহে   নজনা  কথা  জানে ,  বিভিন্নজনৰ  লগত  পৰিচয়  ঘটে ।

ভ্ৰমণে  মনৰ  পৰিধি  বহল  কৰে  ।  ভিতৰুৱা  যোগাযোগ

ব্যৱস্থাৰ   সুবিধা  নথকা  অঞ্চলৰ  বহু  লোকে  মনৰ  ভাৱ

বাহিৰৰ  অঞ্চলৰ  লোকৰ  সৈতে   বিনিময়  কৰাৰ  সুবিধা

নাপায়  ।  সেয়ে   অন্ধবিশ্বাসী  হোৱাৰ  , কুসংস্কাৰ  সাৱটি

থকাৰ  ইও  এটা  কাৰণ  ।

৫ ) সমাজত   কেতিয়াবা   স্বাৰ্থপূৰণৰ  বাবে  কিছুমান  অসৎ

প্ৰবৃত্তিৰ  লোকে   অন্ধবিশ্বাস  বিয়পাই  দিয়ে  ।  উৰাবাতৰিৰে

মানুহক   উত্তেজিত   কৰি  তোলে  ।  ইমান   চতুৰালিৰে  এই

অন্ধবিশ্বাসবোৰ  প্ৰচাৰ  কৰে  যে  অশিক্ষিত  মানুহৰ  কথা বাদেই

শিক্ষিত  সমাজেও  সেইবোৰ  বিশ্বাস   কৰি  লয় । তাৰ ফলত

সেই  অসৎ  প্ৰবৃত্তিৰ  লোকজনৰ  কিবা  এটা  স্বাৰ্থ  সিদ্ধি   হয়  ,

কিন্তু  ঘটিব  নলগীয়া  অমানৱীয়  ঘটনা  এটাও  হয়তো  ঘটি

যায়  ।

৬ ) আমাৰ  সমাজত  কষ্ট  নকৰাকৈ  কম  আয়াসতে  আমাক

সকলো   লাগে  ।  এনে  চিন্তাধাৰা  থকা লোকো  নোহোৱা  নহয়।

কষ্ট  নকৰাকৈ  সাফল্য  লাগে  , কষ্ট  নকৰাকৈ  ধন -সম্পত্তি

ঘটিবলৈ  লাগে  ,  ভোগ - বিলাসত  মত্ত  হ'বলৈ  লাগে  । সহজে

সকলো  পাবৰ  বাবে আশা কৰা লোকে  অন্ধবিশ্বাসী  হয়  পৰে ।

৭ ) মনোবৃত্তি  হৈছে  আন  এটা  মূখ্য  কাৰণ ।   অন্ধবিশ্বাস  ,

কুসংস্কাৰৰ  গৰাহত  নপৰিবৰ  বাবে  লাগিব  এটা   যুক্তিবাদী

মন , লাগিব  বিজ্ঞানমনস্কতা  ।  সমাজত  বাস  কৰা  মানুহৰ  মন

মনোবৃত্তি  বিজ্ঞানৰ  যুক্তিৰ  ওপৰত  প্ৰতিষ্ঠিত  নোহোৱাৰ বাবে

মনৰ  পৰা  অন্ধবিশ্বাস  , কুসংস্কাৰ  আদি  আঁতৰাব  পৰা  নাই  ।

৪ ৷  অন্ধবিশ্বাস  , কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ  কেনে 

ধৰণৰ আঁচনি  গ্ৰহণ  কৰিব  পাৰি   ? 

উত্তৰ  : অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ  

আমি  বিভিন্ন  আঁচনি  গ্ৰহণ কৰিব পাৰি  । তাৰে  ভিতৰত 

সজাগতা  হ'ল  এটা  শক্তিশালী  আহিলা  ।  বিদ্যালয়ৰ  

পাঠ্যক্ৰমত   এই বিষয়টো  অন্তৰ্ভুক্ত  কৰি  সৰুৰে পৰা  ছাত্ৰ  -

ছাত্ৰীৰ  মাজত   অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ  ভয়াবহতাৰ  

ওপৰত সজাগতা  দিয়াৰ  ব্যৱস্থা কৰিব  লাগে  ।  শিক্ষিত 

সমাজে  এই  বাৰ্তাৰ  প্ৰচাৰ  কৰি  অশিক্ষিত  লোকসকলৰ বাবে 

স্বাৰ্থপৰ মনোভাৱ  ত্যাগ কৰি  এটা   বিজ্ঞানভিত্তিক  মনোবৃত্তি 

প্ৰদান  কৰাৰ  দায়িত্ব  গ্ৰহণ  কৰিব  লাগে  ।  বিদ্যালয়  আৰু  

মহাবিদ্যালয়  পৰ্যায়ত  এনে  বিষয়ৰ  ওপৰত  ৰচনা  

প্ৰতিযোগিতা  বা  তেনেধৰণৰ  অন্যান্য  প্ৰতিযোগিতাৰে  ছাত্ৰ - 

ছাত্ৰীক  জড়িত   কৰিও  সজাগতা   আনিব   পৰা  যায়   ।  

      ভ্ৰমণ  হৈছে শিক্ষাৰ  এক অন্যতম অংগ  ।  ভ্ৰমণৰ  যোগেদি  

মানুহে  নজনা কথা জানে  , বিভিন্নজনৰ  লগত পৰিচয় ঘটে  ।

ই  মনৰ  পৰিধি  বহল  কৰে  ।  ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ  

সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ  বাহিৰৰ অঞ্চলৰ 

লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়  ।  যাৰ ফলত  এনে

ধৰণৰ  এক  অপ্ৰীতিকৰ   অমানৱীয়   পৰিস্থিতিৰ  সৃষ্টি  হয়  । 

সেয়ে   সমাজত   শিক্ষিত চামে  এনে  পদক্ষেপ  হাতত  

লোৱাতো  নিতান্তই  প্ৰয়োজন  ।  

      তথ্যচিত্ৰ   বা  তেনেধৰণৰ   প্ৰচাৰ   মাধ্যমৰ   জৰিয়তে  

জনতাৰ  মাজত   সজাগতা   অনাতো  খুব জৰুৰী  ।  এনে

তথ্যচিত্ৰ  বা  প্ৰচাৰ  মাধ্যমৰ  জৰিয়তে  সমাজত  হৈ  থকা  

' ডাইনী '  অথবা  ' সোপাধৰা 'ৰ  নিচিনা  জঘন্য  কাণ্ড   ৰোধ  

কৰিব   পৰা  যাব  ।  

       বৰ্তমান  সময়ত  সমাজত   বিশৃংখল  পৰিৱেশ  সৃষ্টি  

হোৱাৰ  তথা  অমানৱীয়  কাৰ্য  - কলাপ  সংঘটিত  হোৱাৰ  

অন্যতম  কাৰণ  হৈছে   মানুহৰ  অনিয়ন্ত্ৰিত  আবেগ  ।  

অধ্যয়নবিমুখিতা  হৈছে  ইয়াৰ  মূল  কাৰণ  ।  মানুহ  শিক্ষিত 

হৈছে  , কিন্তু  সেই সেই অনুপাতে হৈছে অধ্যয়নবিমুখ  ।  সেয়ে  

প্ৰতিজন  নাগৰিকে  এই  কথা  উপলব্ধি  কৰি আচল  শিক্ষা 

গ্ৰহণ  কৰিলেহে  সমাজৰ  পৰা  অমানৱীয়  কাৰ্যসমূহ  ৰোধ 

হোৱাত  সহায়ক  হ'ব  । 

পৃষ্ঠা  নং  : ৪১ 

৫ ৷ ' ডাইনী  '  ,   ' সোপাধৰা  '    --- এইবোৰ   অন্ধবিশ্বাস   ।

অন্ধবিশ্বাস   বুলি   জানিও  কিছু   লোকে   এই  বিষয়  দুটাক  লৈ

উৰাবাতৰি   প্ৰচাৰ   কৰে  আৰু   বহু   লোকে   বিশ্বাস   কৰিও 

লয়  ।  ইয়াৰ   কাৰণ   কি  কি  বুলি   ভাবা  ? 

উত্তৰ  : ' ডাইনী  '   আৰু   ' সোপাধৰা  '  এই  দুটা  সমাজৰ  

মূখ্য   অন্ধবিশ্বাস  ।  ডাইনী  -- এক  সামাজিক  ব্যাধি  ,  এক 

কল্পিত   সন্ত্ৰাস  ।  ডাইনী   এক   ভ্ৰান্ত  বিশ্বাস  ।  কোনোবা  

অঞ্চলত  কাৰোবাৰ   ঘৰত  অসুখ   হৈছে  । দৰব  খাইছে  যদিও 

ভাল   পোৱা   নাই  ;  হয়তো   উপযুক্ত   চিকিৎসা  কৰা  হোৱা  

নাই  ।  কিন্তু  প্ৰচাৰ  কৰি  দিয়ে  এইবুলি  যে  ,  ডাইনীৰ  

কাৰণেই   অঞ্চলটোৰ  প্ৰায়বোৰ  পৰিয়ালত  অসুখ  - বিসুখে  

দেখা  দিছে  ।  ডাইনীৰ  কাৰণেই   অসুখ   ভাল  হোৱা   নাই  । 

আকৌ  সোপাধৰা   ক্ষেত্ৰত   উৰাবাতৰি   এনেদৰে   ওলায় যে  

বেলেগ ঠাইৰ  পৰা বেলেগ  দেহাবয়বৰ  এজন  বা  দুজন  লোক  

আহি  সেই  ঠাইৰ  সৰু   ল'ৰাৰ  মুখত   সোপা  মাৰি  ধৰি  লৈ  

যায় । এনে   ধৰণৰ   গুজব  ওলালেই  মানুহে   সত্যাসত্য  

বিচাৰ  নকৰি  অচিনাকি   আৰু  সচৰাচৰ  নেদেখা  দেহাবয়বৰ  

মানুহ  দেখিলেই   আক্ৰমণ  কৰি  এক  অপ্ৰীতিকৰ  অমানৱীয়  

পৰিস্থিতিৰ সৃষ্টি   কৰে  ।  

              এনেধৰণৰ   অন্ধবিশ্বাসৰ  সুযোগ   গ্ৰহণ   কৰি  এচাম 

স্বাৰ্থপৰ   লোকে   সমাজত   হত্যাৰ   দৰে  অসামাজিক  আৰু 

অমানৱীয়   কাৰ্য   সমাধা  কৰি  আহিছে  ।  সাধাৰণতে   , 

সম্পত্তিৰ   লোভত  বা  ওচৰ - চুবুৰীয়া  কাৰোবাৰ   যদি  উন্নতি 

হয়  তেওঁৰ   প্ৰতি  ঈৰ্ষান্বিত  হৈও  সেই   বিশেষ  মানুহঘৰৰ  

কাৰোবাক   ' ডাইনী  '  বুলি   অভিহিত   কৰি  অসৎ  মনোবৃত্তিৰ 

মানুহে   সামাজিক   উৎপীড়ন  চলায় ।  এনেদৰে   স্বাৰ্থসিদ্ধিৰ  

বাবেই   'সোপাধৰা ' ৰ  অপপ্ৰচাৰ  চলায়  ।  কেতিয়াবা   হত্যাৰ 

দৰে  জঘন্য   ঘটনাও  সংঘটিত   হয়  । 

৭ ৷  ব্যাখ্যা  কৰা  : 

     ( ক ) অন্ধবিশ্বাস  , কুসংস্কাৰ   পৃথিৱীৰ   আটাইতকৈ  গধুৰ 

বোজা  ।

উত্তৰ  : উক্ত   বাক্যশাৰী  আমাৰ  পাঠ্যপুথি  "অসমীয়া সাহিত্য 

চয়নিকা (নতুন )"  ,  'অন্ধবিশ্বাস  আৰু  কুসংস্কাৰ '  নামৰ  

পাঠটিৰ পৰা তুলি দিয়া হৈছে  ।  পাঠটিৰ লেখক জয়ন্ত মাধৱ

বৰা  ।

      লেখকে  দাঙি  ধৰা  উক্ত  বাক্যশাৰী  ড॰  সৰ্বপল্লী

ৰাধাকৃষ্ণণে  কৈছিল  ।  লেখকে  কৈছে   দূষিত  বায়ু ,  অবাঞ্ছিত

বিশৃংখল  শব্দ  ,  মাটি ,  পানী  এইবোৰৰ  প্ৰদূষণে  আমাৰ

চৌপাশৰ  পৰিৱেশ  যেনেদৰে  প্ৰদূষিত  কৰি  মানুহৰ   সুস্থ

জীৱন  ধাৰণ  প্ৰণালীত  প্ৰতিকূলতাৰ  সৃষ্টি  কৰে ,  ঠিক

সেইদৰে   অন্ধবিশ্বাস  আৰু  কু-সংস্কাৰেও  প্ৰেম , মমতা  ,

মানৱতা  আদি  মানৱীয়  প্ৰমূল্যসমূহক  আঘাত   কৰি  সভ্য

মানৱ  সমাজ  এখনক  কলুষিত   কৰে  ।  জনজীৱনৰ  সুস্থ

জীৱন-ধাৰণৰ  ব্যৱস্থাটোক  বিপৰ্যস্ত  কৰি  সমাজখনক  অশান্ত

আৰু  অস্থিৰ  কৰি  তোলে  ।  অথচ  এই  অন্ধবিশ্বাস  ,

কুসংস্কাৰ  ,  উৰাবাতৰিৰ  অপপ্ৰচাৰ  মানুহেই   সৃষ্টি   কৰে  ।

মানুহেই  মানুহৰ   শত্ৰু   হৈ  পৰে ।  সেয়ে  কোৱা  হৈছে

অন্ধবিশ্বাস  , কুসংস্কাৰ  পৃথিৱীৰ  আটাইতকৈ  গধুৰ  বোজা  ।











1 comment:

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...