Showing posts with label Class 8. Show all posts
Showing posts with label Class 8. Show all posts

Sunday, 31 May 2020

Class 8 | Assamese Textbook Solution | আমাৰ অসমীয়া পাঠ | পাঠ - ৩ : বৰগীত |

অনুশীলনী 

১) তলত  দিয়া  প্ৰশ্নসমূহৰ  উত্তৰ  লিখা  ।

    (ক) বৰগীত  কাক  বোলে  ? 
    উত্তৰ  : অসমত  নৱ - বৈষ্ণৱ  ভক্তিধৰ্ম  প্ৰচাৰৰ উদ্দেশ্য
    মহাপুৰুষ  শংকৰদেৱ  আৰু  মাধৱদেৱে  ব্ৰজাৱলী
    ভাষাত  ৰচনা  কৰা  বিশেষ  আধ্যাত্মিক  গীতবোৰকে
    বৰগীত  বোলে ।

    (খ) বৰগীতসমূহ  কোনে  ৰচনা  কৰিছিল ?
    উত্তৰ : বৰগীতসমূহ  মহাপুৰুষ  শ্ৰীমন্ত  শংকৰদেৱ আৰু
    তেওঁৰ  প্ৰিয়  শিষ্য  মাধৱদেৱে  ৰচনা  কৰিছিল ।

    (গ) গুৰু  দুজনাই  ৰচা  গীতসমূহক  কিয়  বৰগীত
          আখ্যা  দিয়া  হৈছে  ?
    উত্তৰ : গুৰু  দুজনাই  ৰচা  গীতসমূহক  বৰগীত  আখ্যা
    দিয়াৰ  কাৰণ  হ'ল  ইয়াৰ  ভাব , ভাষা  আৰু  বিষয়বস্তুৰ
    শ্ৰেষ্ঠতা ।

    (ঘ) বৰগীতৰ  ভাষা  কি ?
    উত্তৰ : বৰগীতৰ  ভাষা  হৈছে  ব্ৰজাৱলী  বা  ব্ৰজবুলি ।

    (ঙ) বৰগীতৰ  মূল  বস্তু  কি  ?
    উত্তৰ : ৰাগ  বৰগীতৰ  মূল  বিষয়বস্তু ।

    ২) বৰগীতৰ  বৈশিষ্ট্যসমূহ  কি  কি  ?
    উত্তৰ : বৰগীতৰ  বৈশিষ্ট্যসমূহ  তলত উল্লেখ  কৰা হ'ল -
    ক) বৰগীতসমূহ  ভাৰতীয়  সংগীত  শাস্ত্ৰৰ  নিয়মানুসৰি
        নিৰ্দিষ্ট  ৰাগ - তালত  ৰচনা  কৰা  হৈছে ।
    খ) গীতবোৰৰ  ভাষা  ব্ৰজাৱলী ।
    গ) এই  গীতসমূহ  আধ্যাত্মিক  ভাবসম্পন্ন  আৰু
         ভগৱানৰ  মাহাত্ম্য  প্ৰকাশক ।
    ঘ) শংকৰদেৱ  আৰু  মাধৱদেৱৰ  দ্বাৰা  নিৰ্দিষ্ট  আৰ্হিত
         এই  গীতসমূহ  ৰচিত ।
    ঙ) ইয়াৰ  বিষয়বস্তু  সকলো  ধৰণৰ  পাৰ্থিৱ  ভাবৰ  পৰা
         মুক্ত ।
    চ) গীতসমূহ  ভক্তিভাব  প্ৰকাশক ।
    ছ) মাধৱদেৱৰ  বৰগীতত  শিশু  কৃষ্ণৰ  চৰিত্ৰই  প্ৰাধান্য
         লাভ  কৰিছে ।
    জ) শিশু  কৃষ্ণৰ  শিশুসুলভ  চোৰ-চাতুৰী , লীলা , বিৰহ ,
          পৰমাৰ্থ  ইত্যাদি  বিভিন্ন  বিষয়ে গীতত  ঠাই পাইছে ।
    ঝ) দাস্যভক্তি  মাধৱদেৱৰ  প্ৰায়বোৰ  গীতত  লক্ষ্য  কৰা
         যায় ।

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...