Showing posts with label নতুন দিগন্ত. Show all posts
Showing posts with label নতুন দিগন্ত. Show all posts

Friday, 10 September 2021

Class VIII | Assamese Textbook Solution | Notun Diganta(নতুন দিগন্ত)| পাঠ : ৩ : জীৱনৰ গতি(তৰুণৰাম ফুকন)

■ অনুশীলনী  :

১) 'জীৱনৰ গতি' কবিতাটিৰ কবি কোন ? কবিৰ
    একমাত্ৰ কাব্যপুথিখনৰ নাম কি ?
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিৰ কবিজনৰ নাম হৈছে
তৰুণৰাম ফুকন । কবিৰ একমাত্ৰ কাব্যপুথিখনৰ নাম হৈছে
'স্ততিমালা' ।
২) 'জীৱনৰ গতি' কবিতাটিত উল্লেখ কৰা মতে কি কি
    কাম টান ?
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিত উল্লেখ কৰা মতে নিজক
চিনি পোৱা, চিনাকি দিয়া, সন্তোষে থকা তথা সন্তোষ দিয়া,
সজ উপায়েৰে উপাৰ্জন তথা সঞ্চয় কৰা, সঞ্চিত ধন দান
কৰা আদি কাম টান ।
৩) সাধনাৰ কাম কি কি ?
উত্তৰ : সাধনাৰ কাম হৈছে ৰোগ, শোক আঁতৰ কৰি দীৰ্ঘজীৱী হোৱা ।
৪) আনৰ কাৰণে জীৱন উছৰ্গা কৰিবলৈ হ'লে কিহৰ
    প্ৰয়োজন ? এই কাৰ্যই মানুহক কিহলৈ উন্নীত কৰে ?
উত্তৰ : আনৰ কাৰণে জীৱন উছৰ্গা কৰিবলৈ এক মহান
অন্তৰৰ প্ৰয়োজন । এই কাৰ্যই মানুহক প্ৰকৃত অৰ্থত
মহীয়ান অৰ্থাৎ মহান ব্যক্তিলৈ উন্নীত কৰে ।
৫) 'জীৱনৰ গতি' কবিতাটোৰ সাৰাংশ তোমাৰ ভাষাৰে
    বৰ্ণনা কৰা ।
উত্তৰ : 'জীৱনৰ গতি' কবিতাটিৰ কবি জনৰ নাম হৈছে
তৰুণৰাম ফুকন । কবিয়ে কৈছে দৰাচলতে আমি সম্পূৰ্ণকৈ
নিজকে চিনি নাপাওঁ । আমি কেতিয়া, ক'ত কি কৰিছোঁ,
কিয় কৰিছোঁ, কাৰ বাবে কৰিছোঁ, ভাল কাম কৰিছোঁ নে
বেয়া কাম কৰিছোঁ-সেই সম্পৰ্কে সঠিকভাৱে অৱগত নহওঁ।
সেয়েহে আমাৰ চিনাকিও সম্পূৰ্ণ সঠিক নহয় । আমাৰ
চিনাকিয়ে আমাৰ কেৱল জন্মগত আৰু বৃত্তিগত পৰিচয়ৰ
হে উমান দিবলৈ সক্ষম হয় । আমাৰ মন অস্থিৰ, চঞ্চল
আৰু বিভিন্ন অসৎ প্ৰবৃত্তিৰে প্ৰভাৱান্বিত হৈ থাকে বাবেই
আমি সহজতে সন্তুষ্ট নহওঁ আৰু আনকো সমভাৱে সন্তুষ্ট
কৰিব নোৱাৰো। আমি সজ উপায়েৰে ধন ঘটিবলৈ চেষ্টা
নকৰোঁ আৰু সেই ধন সজ কামত খৰচ কৰিবলৈও কুণ্ঠিত
হওঁ । এক সুস্থ-সবল দেহ আৰু মনেৰে দীৰ্ঘজীৱী হ'বৰ বাবে
সাধনাৰ প্ৰয়োজন । আনৰ কাৰণে নিজৰ জীৱন উছৰ্গা
কৰিবৰ বাবে প্ৰয়োজন এক মহান অন্তৰ। যি কাৰ্যই আমাক
প্ৰকৃত অৰ্থত মহীয়ান কৰি তুলিব পাৰে বা উন্নীত কৰে।
৬) ব্যাখ্যা কৰা :
    (ক) নিজক চিনাটো........চিনাকি দিয়া ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'নতুন দিগন্ত'ৰ
অন্তৰ্গত "জীৱনৰ গতি" কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাটিৰ কবি জনৰ নাম হৈছে তৰুণৰাম ফুকন ।
    কবিয়ে কৈছে যে দৰাচলতে আমি নিজক সম্পূৰ্ণকৈ
চিনি নাপাওঁ । আমি কেতিয়া, ক'ত কি কৰিছো, কিয়
কৰিছো, কাৰ বাবে কৰিছো, ভাল কাম কৰিছো নে বেয়া
কাম কৰিছো - সেই সম্পৰ্কে সঠিকভাৱে অৱগত নহওঁ।
সেয়েহে আমাৰ চিনাকিও  সম্পূৰ্ণ সঠিক নহয় । আমাৰ
চিনাকিয়ে কেৱল জন্মগত আৰু বৃত্তিগত পৰিচয়ৰহে উমান
দিবলৈ সক্ষম হয় ।
    (খ) সজ উপায়েৰে.......দৰিদ্ৰ হোৱা ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'নতুন দিগন্ত'ৰ
অন্তৰ্গত "জীৱনৰ গতি" কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাটিৰ কবি জনৰ নাম হৈছে তৰুণৰাম ফুকন ।
    কবিয়ে কৈছে যে আমি সজ উপায়েৰে ধন ঘটিবলৈ চেষ্টা
নকৰো আৰু সেই ধন সজ কামত খৰচ কৰিবলৈও কুণ্ঠিত
হওঁ । আমি সজ উপায়েৰে আৰ্জিত ধন সঞ্চয় কৰিবলৈও
অপাৰগ হওঁ । কবিয়ে কৈছে আমি সঁচা ধন আনক দান
কৰিবলৈ ভয় কৰোঁ কিয়নো দৰিদ্ৰ হোৱাৰ আকাংক্ষা থাকে।
আমাৰ মন অস্থিৰ, চঞ্চল আৰু বিভিন্ন অসৎ প্ৰবৃত্তিৰে
প্ৰভাৱিত হৈ থাকে বাবেই আমি সহজতে সন্তুষ্ট নহওঁ আৰু
আনকো সমভাৱে সন্তুষ্ট কৰিব নোৱাৰো।


Sunday, 23 May 2021

Class 8 Assamese Textbook Solution | Notun Diganta | নতুন দিগন্ত | পাঠ ১ : জ্ঞানী কোন | লেখক : লিও টলষ্টয় | অনুবাদ : সুৰেন্দ্ৰ মোহন দাস |

 অনুশীলনী :


১৷ আকুলকা আৰু মালাছাক সিহঁতৰ মাকহঁতে কিয় নতুন

    পোছাক দিছিল ?

উত্তৰ : আকুলকা আৰু মালাছাক সিহঁতৰ মাকহঁতে বৰদিনৰ

উৎসৱৰ বাবে নতুন পোছাক দিছিল ।

২। দুয়োজনী ছোৱালীয়ে কি কি ৰঙৰ পোছাক পৰিধান

    কৰিছিল ?

উত্তৰ : দুুয়োজনী ছোৱালীৰ ভিতৰত সৰুজনীয়ে নীলা আৰু

ডাঙৰজনীয়ে হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিছিল ।

৩। আকুলকাৰ চোলাটোত কেনেকৈ বোকা লাগিবলৈ পালে ?

উত্তৰ : মালাছাই ভৰিৰে ডোঙাটোৰ বোকা-পানী আকুলকাৰ

গালৈ ছটিয়াই দিয়াৰ ফলত তাইৰ চোলাটোত বোকা লাগিছিল ।

৪। " দুষ্ট ছোৱালী, কেনেকৈনো গাত বোকা লাগিল ?" - কথাষাৰ

    কোনে কাক কৈছিল ?

উত্তৰ : আকুলকাৰ মাকে নিজৰ জীয়েকক (আকুুুলকা) কৈছিল।

৫। "ক'ত ঈশ্বৰৰ নাম ল'বা, পাপতহে লিপ্ত হৈছা" --- এইবুলি

    কোনে, কাক আৰু কিয় কৈছিল ?

উত্তৰ : এইবুলি আকুলকাৰ আইতাকে কাজিয়াত লিপ্ত হোৱা

খেতিয়ক সকলক উদ্দেশ্য কৈছিল ।

৬। আকুলকা আৰু মালাছাই কিহেৰে জান খান্দি আছিল আৰু

    সেই জানটোৰ পানী গৈ কাৰ ভৰি চুইছিল ?

উত্তৰ : আকুলকা আৰু  মালাছাই এডোখৰ জোঙা শিলেৰে জান

খান্দি আছিল আৰু সেই জানটোৰ পানী গৈ আকুলকাৰ আইতা-

কৰ ভৰি চুইছিল ।

৭। 'জ্ঞানী কোন' কাহিনীটোত পোৱামতে প্ৰকৃৃততে জ্ঞানী কোন

     আছিল ?

উত্তৰ : 'জ্ঞানী কোন' কাহিনীটোত পোৱামতে প্ৰকৃততে জ্ঞানী

আছিল আকুলকা আৰু মালাছা নামৰ  দুজনী ছোৱালী ।

৮। 'জ্ঞানী কোন' পাঠটোৰ পৰা কি শিকিলা ?

উত্তৰ : 'জ্ঞানী কোন' পাঠটোৰ পৰা আমি শিকিলো যে আমি

মানুহ হিচাপে শিশুৰ পৰা সৰলতাৰ শিক্ষা লৈ মিলা-প্ৰীতিৰে বাস

কৰা উচিত ।

৯। ভগৱানৰ ৰাজ্যত কেনেকৈ প্ৰৱেশ কৰিব পাৰি, নিজে ভাবি

    লিখা ।

উত্তৰ : ভগৱানৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ হ'লে আমাৰ মন সৰল

আৰু নিষ্পাপ হ'ব লাগিব । আমি এজনে আনজনৰ লগত মিলা-

প্ৰীতিৰে থাকিব লাগিব । সৰু কথাতে কাজিয়াৰ পৰা বিৰত

থাকিব লাগিব ।

১০। সমাৰ্থবোধক শব্দ লিখা :

ক) জুৰি  নিজৰা      (খ) দ্বন্দ্ব  কাজিয়া


Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...