Showing posts with label বাণী অসমীয়া পাঠ - সপ্তম খণ্ড. Show all posts
Showing posts with label বাণী অসমীয়া পাঠ - সপ্তম খণ্ড. Show all posts

Sunday, 5 July 2020

Class 7 | Assamese Textbook Solution | Bani Asamiya Path (বাণী অসমীয়া পাঠ - সপ্তম খণ্ড) | পাঠ নং - ১৩ : আইচক্ৰীম |

অনুশীলনী 

প্ৰশ্ন নং ১৷ চমু উত্তৰ দিয়া ।

    (ক) আইচক্ৰীম কোন জাতীয় সামগ্ৰী ?
    উত্তৰ : আইচক্ৰীম এবিধ শীতলীকৃত দুগ্ধজাত সামগ্ৰী ।

    (খ) চীনদেশত কেতিয়াৰ পৰা আইচক্ৰীমৰ প্ৰচলন
          আছিল  ?
    উত্তৰ  : চীনদেশত যীশুখ্ৰীষ্টৰ জন্মৰ আগৰে পৰা
                আইচক্ৰীমৰ প্ৰচলন আছিল ।

    (গ) মাৰ্কোপ'লো কেতিয়া চীনদেশলৈ গৈছিল ?
    উত্তৰ : মাৰ্কোপ'লো ১২৭১ চনত চীনদেশলৈ গৈছিল ।

    (ঘ) চীনৰ পৰা শীতল খাদ্যৰ সোৱাদ কোনে ইটালীলৈ
          আনে ?
    উত্তৰ  : চীনৰ পৰা শীতল খাদ্যৰ সোৱাদ মাৰ্কোপ'লোৱে
                 ইটালীলৈ আনে ।

    (ঙ) ইংলেণ্ডত কোনে প্ৰথম আইচক্ৰীম তৈয়াৰ কৰাৰ
          প্ৰণালী প্ৰচলন কৰে ?
    উত্তৰ  : ইংলেণ্ডত সম্ৰাট দ্বিতীয় চাৰ্লছৰ সময়ত তেওঁৰ
                ৰান্ধনীজনেই প্ৰথম আইচক্ৰীম তৈয়াৰ কৰাৰ
                প্ৰণালী প্ৰচলন কৰে ।

    (চ) আমেৰিকাত আইচক্ৰীম কি হিচাপে খোৱা হৈছিল  ?
    উত্তৰ  : আমেৰিকাত আইচক্ৰীম পুৱাৰ আহাৰ হিচাপে
                খোৱা হৈছিল ।

    (ছ) মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালত কি শীতল
          খাদ্য ভাৰতত প্ৰচলন হয়  ?
    উত্তৰ  : মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালত কুলফি
                 নামৰ শীতল খাদ্য ভাৰতত প্ৰচলন হয় ।

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...