পাঠ : তিৱাসকল
প্ৰশ্নাৱলী :
(১) ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক ?
উত্তৰ : ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত
তিব্বত বৰ্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ 'বড়ো' থালৰ
লোক ।
(২) তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা
বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি ?
উত্তৰ : তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ
কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে খ্ৰাম্ (ঢোল ) বাৰ , খ্ৰাম্
খুজুৰা , খ্ৰাম্ পান্হাই , দুম্ দিং , দগৰ্ , পাতিঢোল , ৱাফাং
খ্ৰাম , থকথৰৰক , পাংশী(বাঁহী) , থোৰাং , ম'হৰ শিঙৰ পেঁপা ,
মুহুৰি আৰু খায়াং (তাল) ইত্যাদি ।
(৩) তিৱা সমাজত 'জেলা' বুলি কাক কোৱা হয় ?
উত্তৰ : তিৱা সমাজত পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ
মুৰব্বীকে 'জেলা' বুলি কোৱা হয় ।
(৪) তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা ।
উত্তৰ : তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম হৈছে ৱানছুৱা,
ছগ্ৰা , য়াংলী , মুইনাৰী কান্ঠী , লাংখন্ , মাই পথালা, মাই ৰাৱা
,খাপ্ লাং ৰাৱানে ফুজা , পান্হাইচ্যৱা ইত্যাদি ।
ছগ্ৰা , য়াংলী , মুইনাৰী কান্ঠী , লাংখন্ , মাই পথালা, মাই ৰাৱা
,খাপ্ লাং ৰাৱানে ফুজা , পান্হাইচ্যৱা ইত্যাদি ।
(৫) 'ফুলগুৰিৰ ধেঁৱা' কি ?
উত্তৰ : 'ফুলগুৰিৰ ধেঁৱা' হৈছে বলাইৰাম সেনাপতিৰ দ্বাৰা
ৰচিত এটি গীতি - আলেখ্য ।