শব্দ - অৰ্থ
১) কোৱা আৰু লিখা :
■ মক্কা - হজৰত মহম্মদৰ জন্মস্হান , birth place of
Hazarat Muhammad
■ সজ্জা - সাজপাৰ , costume
■ খচ্চা - গাঁঠি লগা , knot
■ অন্ন - ভাত , চাউল , rice
■ উচ্চ - ওখ , high
■ চিত্ত - মন , বুদ্ধি , intellectual
■ ছিন্ন - কটা , severed
■ ঠাট্টা - নিন্দা , ইতিকিং , ridicule
■ কিল্লা - দুৰ্গ , কোঠ , fort
■ উদ্দেশ্য - লক্ষ্য , aim
■ সজ্জা - ভূষণ , decoration
■ অট্টালিকা - ডাঙৰ পকীঘৰ , a building
■ বিষণ্ণ - দুখ , sad
■ উন্নতি - অগ্ৰগতি , progress
■ আড্ডা - কেইবাজনো লোকৰ মাজত হোৱা আলোচনা
a meeting
■ মক্কেল - মোকৰ্দমাৰ গুচৰীয়া , a client
■ উত্তম - শ্ৰেষ্ঠ , best
■ সজ্জন - ভদ্ৰলোক , a gentleman
■ খদ্দৰ - হাতে কটা সূতাৰে বোৱা কাপোৰ , hand
woven cloth
■ হৰপ্পা - প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হোৱা
এখন ঠাই , Harappa , an archaeological site
■ প্ৰফুল্ল - আনন্দিত , happy
■ উচ্চাৰণ - শব্দ ফুটাই মতা কাৰ্য , pronounciation
■ উচ্চমনা - ডাঙৰ মনৰ , high minded
■ অহম্মক - মহামূূৰ্খ , an idiot
■ প্ৰসন্ন - সন্তুষ্ট , pleased
■ প্ৰপন্ন - সেৱাপৰায়ণ , very devoted
■ উজ্জৰিত - প্ৰকাশিত , lighted
■ উত্তোলন - কোনো বস্তু ওপৰলৈ তোলা কাৰ্য , the act
of raising upwards
■ উদ্দালক - এজন মুনি , a sage
অনুশীলনী
১) কোৱা আৰু লিখা :
ক) প্ৰফুল্ল ক'লৈ গৈছে ?
উত্তৰ : প্ৰফুল্ল দিল্লীলৈ গৈছে ।
খ) লালকিল্লা ক'ত আছে ?
উত্তৰ : লালকিল্লা পুৰণি দিল্লীত আছে ।
গ) হজৰত মহম্মদ ক'ত উপজিছিল ?
উত্তৰ : হজৰত মহম্মদ মক্কাত উপজিছিল ।
ঘ) খদ্দৰ কাপোৰ কাক বোলে ?
উত্তৰ : হাতে কটা - বোৱা কাপোৰক খদ্দৰ কাপোৰ
বোলে ।
ঙ) সকলো কামৰ উদ্দেশ্য কিয় মহৎ হ'ব লাগে ?
উত্তৰ : জীৱনত উন্নতি কৰিবলৈ হ'লে সকলো কামৰ
উদ্দেশ্য মহৎ হ'ব লাগে ।
২) তলত দিয়া শব্দসমূহৰ বিপৰীত শব্দ লিখা ।
ক) খোৱা নোখোৱা খ) লাগে নেলাগে
গ) গৈছিল নগৈছিল ঘ) আছে নাই
ঙ) পুৰণি নতুন চ) কৰিবা নকৰিবা
ছ) দেখি নেদেখি জ) উচ্চ নিম্ন
ঝ) বোলে নোবোলে ঞ) কোৱা নোকোৱা