Showing posts with label STUDY TIPS. Show all posts
Showing posts with label STUDY TIPS. Show all posts

Tuesday, 30 June 2020

Study Tips for Student's | How to get deserve Marks | বিদ্যাৰ্থীৰ বাবে অধ্যয়ন কৌশল | কেনেকৈ মনে বিচৰা নম্বৰ আনিব পাৰি |

অধ্যয়নে  মানুহক  জীৱনত  বহু  কথা  শিকাই  যায় ।
    অৱশ্যে  বিদ্যাৰ্থীৰ  ক্ষেত্ৰত  পঢ়া - শুনাৰ  বাবে  কিছু
    সমস্যা  হোৱা  দেখা  যায় । বেছিভাগ  বিদ্যাৰ্থীয়ে
    পৰীক্ষাত  ভাল  ফলাফল  দিবলৈ  অপাৰগ  হয় ।
    সেয়ে  তলত  তিনিটা  সহজ  পদ্ধতি  দাঙি  ধৰা  হৈছে
    যাৰ  ফলত  এজন  দুৰ্বল  বিদ্যাৰ্থীও  কথাবোৰ
    অনুকৰণ  কৰি  ভাল  ফলাফল  আনিব  পাৰিব :

■ Stop  Procrastination ( পিছলৈ  কৰিম বুলি  এৰিব  নালাগে ) : আমি  সময়ৰ  কাম  সময়মতে  কৰিলে
সফলতা  অৰ্জন  কৰিব  পাৰিম । সেয়ে  পঢ়া - শুনাৰ
ক্ষেত্ৰত  মনত  এলাহ  ভাব  আনিব  নালাগে । ভাবিব
নালাগে  যে  অলপ  পাছত  পঢ়া - শুনা  কৰিম , খোৱাৰ
পিছত , টি . ভি .  চোৱাৰ  পিছত  ইত্যাদি । এনে  ভাব
মনত  ঠাই  ল'লে  স্মৃতি  শক্তি ( will power) হ্ৰাস  পায় । এলাহ  ভাব ত্যাগ  কৰি  মনত  জোৰ  দি  পঢ়া-শুনাৰ  প্ৰতি  মনোগ্ৰাহী হ'ব  লাগে । এনে  অভ্যাসে  কেৱল  পঢ়া-শুনাৰ  ক্ষেত্ৰতে  নহয় , জীৱনত  যিকোনো  কাম  কৰাৰ  ক্ষেত্ৰত  সহায়  কৰিব ।

■  Do  what  you  Don't  Like  , To  get  what  you
want ( এইটো  কৰিবলৈ  আৰম্ভ  কৰা  যিটো
আপোনাক  ভাল  নালাগে  তেতিয়া  সেইটো  পাবা
যিটো  আপুনি  ভাল  পায় ) : আমি  প্ৰায়বোৰে  পঢ়া-শুনা
কৰিব  ভাল  নাপাওঁ  কিন্তু  পৰীক্ষাত  যদি  ভাল  নম্বৰ
আহে  বা  নিজৰ  প্ৰশংসা  আনৰ  আগত  শুনো  তেতিয়া
সুখী  অনুভৱ  কৰো । আপুনি  জানেনে ? মহম্মদ  আলি ,
যিজন  বিশ্ব  বক্সিং  চেম্পিয়ন  আছিল , তেওঁ  কয়  যে
প্ৰশিক্ষণৰ  সময়ত  প্ৰতি  মিনিট  সময়  অতিবাহিত
কৰাটো  তেওঁৰ  কাৰণে  কষ্টকৰ  হৈ  পৰিছিল  কিন্তু
যেতিয়া  বিশ্ব  চেম্পিয়ন  হৈ  গ'ল  তেতিয়া  ভাল  লাগিল ।
ঠিক  এইদৰে  তোমালোক  নিজৰ  পৰীক্ষাৰ  কাৰণে প্ৰস্তুতি
কৰা  যেনে - বিদ্যালয়ৰ  পৰীক্ষা , মহাবিদ্যালয়ৰ  পৰীক্ষা ,
প্ৰৱেশ  পৰীক্ষা (Entrance exam) , প্ৰতিযোগিতামূলক
পৰীক্ষা ( Competitive exam) আদি  আৰু  সফলতা
অৰ্জন  কৰা  তেতিয়া  ভাল  লাগে । সেয়ে  আৰম্ভণিত  ভাল
নলগা  কামে  শেষত  সন্তুষ্টি  প্ৰদান  কৰে ।

Finish  the  High  Weightage  Syllabus
( পাঠ্যক্ৰমত  বেছি  নম্বৰৰ  প্ৰশ্নাৱলী  প্ৰথমে  আয়ত্ত
কৰি  শেষ  কৰিব  লাগে) : যিকোনো  বিষয়ৰ  পাঠ্যক্ৰম
সমূহ  ভালকৈ  চোৱাৰ  পিছত  বেছি  নম্বৰৰ  প্ৰশ্নোত্তৰ
শিকি  যাব  লাগে । কাৰণ  এনে  প্ৰশ্নসমূহ  আয়ত্ত  কৰি
ল'লে  অধিক  নম্বৰ  গোটাব  পাৰি । তাৰোপৰি  যোৱা
তিনিৰ  পৰা  পাঁচ  বছৰৰ  প্ৰশ্নকাকতবোৰ  চাব  লাগে ।
পৰীক্ষাত  এনে  প্ৰশ্নবোৰ  পুনৰাই  অহাৰ  সম্ভাৱনা  বেছি
থাকে  যদিহে  পাঠ্যক্ৰম  সলনি  নহয় । সেয়ে  গোটেই
পাঠ্যক্ৰম  সামৰণি  মাৰি  পঢ়াৰ  আগতে  যোৱা  বছৰৰ
প্ৰশ্নাৱলীসমূহ  ভালকৈ  চাব  লাগে ।

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...