Monday, 13 April 2020

Student's Guide : Class 10 (SEBA)| Assamese Textbook Solution |অসমীয়া সাহিত্য চয়নিকা (নতুন) -- দ্বিতীয় ভাগ | পাঠ নং ০৬ : ছাত্ৰ-জীৱন আৰু সমাজসেৱা --- ডিম্বেশ্বৰ নেওগ |

পৃষ্ঠা  নং  : ৩১ 

প্ৰশ্নাৱলী 
ভাব - বিষয়ক  : 

১ ৷ অতি  চমুকৈ  উত্তৰ  লিখা  : 

     (ক ) লিখকৰ  মতে  ছাত্ৰ-জীৱনৰ  প্ৰকৃত  উদ্দেশ্য  কি  কি  ?

     উত্তৰ  :  লিখকৰ  মতে  ছাত্ৰ  - জীৱনৰ  প্ৰকৃত   উদ্দেশ্য

     হৈছে  শিক্ষা  গ্ৰহণ । কিন্তু  শিক্ষা  বুলি  ইয়াত  কেৱল  লিখা 

     পঢ়াৰ শিক্ষাকে  বুজোৱা  নাই । প্ৰকৃততে , মানুহৰ  জীৱনৰ

     লক্ষ্য   কি , কি-কি  কাম  কৰিলে  মানুহৰ  জীৱন  সাৰ্থক  হয়,

     অথবা  সাংসাৰিক  জীৱনত  কি  উপায়েৰে  কাম  কৰিলে

     কৃতকাৰ্য  হ'ব  পাৰি , এনেবোৰ  ব্যৱহাৰিক  দিশৰ  জ্ঞান

     আহৰণো  ছাত্ৰ-জীৱনৰ  প্ৰকৃত  উদ্দেশ্য  হোৱা  উচিত  বুলি

     লিখকে  ক'ব  বিচাৰিছে ।

   

     (খ ) বৰ্তমানৰ   প্ৰচলিত   শিক্ষাৰ   দোষ   কি  কি  ?

     উত্তৰ  : বৰ্তমানৰ  প্ৰচলিত  শিক্ষাৰ  ঘাই  দোষ  হৈছে  যে

     এয়া  কেৱল  পুথিগত  শিক্ষা । এই  পুথিগত  শিক্ষাৰ

     লাভালাভ  নগণ্য । বৰ্তমানৰ  শিক্ষাত  ছাত্ৰ-ছাত্ৰীয়ে  জ্ঞান

     লাভতকৈ  পৰীক্ষাত  উত্তীৰ্ণ হোৱা ,  শ্ৰেণীত  উত্তীৰ্ণৰ স্হান

     আদিহে  গুৰুত্বপূৰ্ণ  বুলি  বিবেচনা  কৰা  হয় ।

     সমান্তৰালভাৱে  ছাত্ৰ-ছাত্ৰীৰ  শাৰীৰিক  বিকাশৰ  ক্ষেত্ৰতো

     এই  শিক্ষা  যথেষ্ট  নহয় । প্ৰচলিত  শিক্ষা  ব্যৱস্থাত

     ব্যৱহাৰিক  দিশৰ  গুৰুত্বহীনতাৰ  ফলত  বৰ্তমানৰ  ছাত্ৰ-

     ছাত্ৰসকল  কৰ্মবিমুখ  হোৱাৰ  দৰে  সমস্যাৰ  উদ্ভৱ  হৈছে ।

     লেখকে  এইবোৰকে  আমাৰ  প্ৰচলিত  শিক্ষাৰ  দোষ  বুলি

     উল্লেখ  কৰিছে ।



     ( গ ) ছাত্ৰসকলে   কি  কি   বিষয়ত   জ্ঞান   লাভ   কৰি

      দেশসেৱাত   ব্ৰতী   হ'ব  লাগে  ?

      উত্তৰ  : ছাত্ৰসকলে  যথাসম্ভৱ   জ্ঞানকৰী  , অৰ্থকৰী   আৰু

     কাৰ্যকৰী জ্ঞান  লাভ  কৰি  দেশসেৱাত  ব্ৰতী  হ'ব  লাগে  ।

     উপযুক্ত  জ্ঞান   আহৰণৰ  লগতে  সেই  আৰ্জিত  জ্ঞানক

     ব্যৱহাৰ  কৰি  জীৱন  নিৰ্বাহৰ  বাবে  প্ৰয়োজনীয়  অৰ্থসংগ্ৰহ

     কৰা  আৰু  তাৰ  লগতে  সাধাৰণ  জীৱন  নিৰ্বাহৰ  ক্ষেত্ৰত

     এই  জ্ঞানক  কামত  লগাবলৈ  শিকিব  লাগে ।



     ( ঘ ) ছাত্ৰসকলে   কাৰ্যকৰী   শিক্ষা   ক'ৰ   পৰা  কিদৰে
 
      লাভ  কৰিব   পাৰে   ?

      উত্তৰ  : কাৰ্যকৰী  শিক্ষাৰ  ঠাই  স্বৰূপে  ছাত্ৰসকলে

      সম্প্ৰতি  গাঁৱতে  নিজৰ  কাৰ্যক্ষেত্ৰ  বাছি  ল'ব  পাৰে ।

      ছাত্ৰসকলে  গাঁৱত  সোমাই  নিজ  ঘৰে - ঘৰে  গাঁৱে  গাঁৱে

      অশিক্ষিত  লোকসকলৰ  চকু  মুকলি  কৰিব  লাগিব ; ককাই

      দদাই  বা  দেউতা  বুলি  তেওঁলোকক  নিজ  অৱস্থাৰ  কথা

      চকুৰ  আগত  দাঙি  ধৰিব  লাগিব ; বাতৰি  কাকত  আৰু

      জ্ঞান  আৰু  জগতৰ  বাতৰি  থকা  পুথি  পঢ়ি  তেওঁলোকৰ

      অজ্ঞানতা  দূৰ  কৰিবলৈ  যত্ন  কৰিব  লাগিব ; তেওঁলোকৰ

      মাজৰ  পৰা  কুৰ্চুট - কপট  গুচাবলৈ  চাব  লাগিব ; গাঁৱত

      কোনো  নৰীয়া  আদি  হ'লে  উপদেশেৰে  বা  আন  উপায়ৰে

      সহায়  কৰিব  লাগিব ;  উপদেশেৰে  আৰু  উদাহৰণেৰে

      নিজৰ  ঘৰ  আৰু  গাঁওখন  একোখন  আদৰ্শ  গাঁও কৰিবলৈ

      চাব  লাগিব । এইবোৰ  কাম  ছাত্ৰৰ  কৰ্তব্যৰ  বাহিৰ  নহয় ,

      কিয়নো  এইখিনি  কাম  শিক্ষাৰ্থীৰ  কাৰ্যকৰী  শিক্ষাৰ

     একোটি  পাঠ  মাথোন  । এনেদৰে  মোৰ  লগতে  ছাত্ৰসকলে

     কাৰ্যকৰী  শিক্ষা  লাভ  কৰিব  পাৰে  ।



     (ঙ ) লিখকৰ  মতে  দেশৰ  প্ৰকৃত  উন্নতি  কৰা  মানে  কিহৰ

     উন্নতি  কৰা  ?

     উত্তৰ  : লিখকৰ  মতে  দেশৰ  প্ৰকৃত  উন্নতি  কৰা  মানে

     গাঁওৰ  উন্নতি  কৰা  ; গাঁৱত  শিক্ষা  বিস্তাৰ  কৰা ; গাঁৱলীয়া

     লোকসকলক  নিজ  সন্মান  আৰু  দায়িত্বৰ  কথা  সোঁৱৰাই

     দিয়া । এই  সমাজ  সেৱা  আৰু  দেশ  সেৱাৰ  শিক্ষাই  প্ৰকৃত

     শিক্ষা । এই  নৰ  সেৱাই  প্ৰকৃত  নাৰায়ণ  সেৱা ।

posted by Student's Guide

No comments:

Post a Comment

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...