Monday, 23 March 2020

Student's Guide : Class 9| Assamese Textbook Solution |অসমীয়া সাহিত্য চয়নিকা ( নতুন ) - প্ৰথম ভাগ|পাঠ নং ০৬ :অন্যৰ প্ৰতি ব্যৱহাৰ - সত্যনাথ বৰা|


পৃষ্ঠা  নং  : ২৪  - ২৫ 

প্ৰশ্নাৱলী :

ভাব- বিষয়ক : 
(১)  (ক) 'সাৰথি ' পুথিখন কাৰ ৰচনা ? 

উত্তৰ : 'সাৰথি ' পুথিখন  সত্যনাথ বৰাৰ ৰচনা ।

     (খ ) কি নজনাৰ নিমিত্তে  বহুত মানুহে জীৱনত নানাবিধ 

উপদ্ৰৱ ভুগিবলৈ পায় ? 

উত্তৰ  : সংসাৰত সমাজ পাতি বাস কৰা মানুহে আনৰ লগত 

কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে 

কাল নিয়াব পাৰি, এই কথা নজনাৰ নিমিত্তে বহুতমানুহে জীৱনত

 নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।

     (গ )  কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ? 

উত্তৰ : নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰি 

মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।

     (ঘ ) সজ ব্যৱহাৰৰ অনুপান কি ? 

উত্তৰ  : নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান ।

    (ঙ ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়  ? 

উত্তৰ  : মনত অহংকাৰ ৰাখি মুখত নম্ৰ  হ'লে মানুহক ছল 

কৰা হয় । তেনে আচৰণ ত্যাগ কৰি ব্যৱহাৰত মনে-মূখে একে 

হ'বলৈ সততে চেষ্টা কৰা উচিত ।

     (চ ) 'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।' --- ইয়াত 

কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে  ?

উত্তৰ  : ইয়াত ,  যিবোৰ লোকে আনৰ গুপ্ত কথা লুকাই ৰাখিব 

নোৱাৰি সদৰী কৰে তেনে শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে  ।

    (ছ ) কাৰ লগত সম্পৰ্ক ৰাখিলে শঠতাক প্ৰশয় দিয়া হয়  ? 

উত্তৰ  : শঠৰ লগত সম্পৰ্ক ৰাখিলে শঠতাক প্ৰশয় দিয়া হয়  ।

    (জ ) 'বহল ব্যাকৰণ ' পুথিখন কাৰ ৰচনা  ? 

উত্তৰ  : 'বহল ব্যাকৰণ ' পুথিখন সত্যনাথ বৰাৰ  ৰচনা  ।

(২) চমুকৈ বুজাই লিখা  : 

      (ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব

নোৱাৰি ?

উত্তৰ: মানুহৰ ব্যক্তিত্ব গঠনত সজ চৰিত্ৰই প্ৰধান ভূমিকা পালন

কৰে ।  সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ

হ'লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয় । অনেক চৰিত্ৰৱন্ত

মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা-গৰিহণাৰ ভাজন হয় ।

আকৌ অনেক কপটীয়া-ছলাহী মানুহো ব্যৱহাৰৰ গুণত

সকলোৰে মৰম পায় । সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি

উলাই কৰিব নোৱাৰি ।

     (খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে  ?

উত্তৰ : অবাবত কেটেৰা মাত মাতি মানুহৰ মনত দুখ দিব নালাগে

 । সমাজৰ কিছু নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি

কেটেৰা মাৰিহে  মানুহৰ লগত কথা কয়। কেৱল কঠুৱা মাতৰ

দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে । সিহঁতৰ গাত লক্ষ

গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায় ।

তেনে মানুহ অৰ্বুদ দানৰ ফল একে নিমিষতে হেৰাই পেলায়।

সেয়ে বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে।

(৩) তাৎপৰ্য ব্যাখ্যা কৰা : 

      ( নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।

উত্তৰ: উক্ত বাক্যটো আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য

চয়নিকা', অন্যৰ প্ৰতি ব্যৱহাৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।

পাঠটিৰ লেখক সত্যনাথ বৰা ।

      বাক্যশাৰীৰ দ্বাৰা মানুহৰ নম্ৰতা গুণৰ ওপৰত গুৰুত্ব দিয়া

হৈছে ।

      যেনেদৰে উচিত অনুপানেৰে ঔষধ  খালে সি বেছি গুণ দিয়ে

ঠিক সেইদৰে সজ ব্যৱহাৰত নম্ৰতা  মিহলালে তাৰো উপকাৰ

সৰহ হয় । দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে , সেই

দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ

হোৱা উচিত । বহুতে ভাবে যে লোকৰ আগত নম্ৰ  হ'লে নিজক

সৰু  বা লঘু  কৰা হয় । এই বিশ্বাস ভুল । নম্ৰতা ডাঙৰ আশয়ৰ

চিন; তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । নম্ৰতা এটা মনৰ

গুণ, মিঠা মাত তাৰ ফল । মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে

আপোনা-আপুনি মিঠা মাত ওলায় । সেয়ে এই গুণ আয়ত্ব কৰি

ব্যৱহাৰত মনে-মুখে একে হ'বলৈ চেষ্টা কৰা উচিত ।

      (খ) সোণৰ জেউতি অমান্য কৰিলে নকমে ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি " অসমীয়া সাহিত্য

চয়নিকা " , 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

পাঠটিৰ লেখক সত্যনাথ বৰা ।

      বাক্যশাৰীৰ দ্বাৰা  লেখকে সজ চৰিত্ৰ অধিকাৰী লোকৰ

প্ৰশংসা কৰিছে ।

      গুণীৰ গুণ সকলো সময়তে সোণৰ জেউতি দৰে একে থাকে

। এই গুণে ব্যক্তিত্ব বিকাশত অৰিহণা যোগায় । কোনো কোনো

মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়,

সেই দেখি ছল পালে অমান্য কৰিবলৈ নেৰে । কিন্তু সিহঁতে ভাবি

নাচায় যে মান্যৱন্ত লোকক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি

। সেয়ে কোৱা হৈছে সোণৰ জেউতি অমান্য কৰিলে নকমে ।

ভাষা বিষয়ক : 

(৪) বিপৰীতাৰ্থক শব্দ লিখা  : 

সুখ -- দুখ

সন্তোষ -- অসন্তোষ

সজ -- অসজ

চৰিত্ৰৱন্ত  -- চৰিত্ৰহীন

কপটীয়া  -- অকপটীয়া

মিঠা  -- তিতা

বিনয়  -- গৰ্ব

নম্ৰতা  -- অহংকাৰ

লঘু -- গুৰু

উচ্চ  -- নিম্ন

নিন্দা -- প্ৰশংসা

গুপ্ত  -- মুক্ত

দোষ -- গুণ

গহীন -- চঞ্চল

আঢ্যৱন্ত  -- দৰিদ্ৰ

(৫) বাক্য ৰচনা  কৰা : 

চকুৰ কুটা ( অতি অপ্ৰিয় লোক ) : মানুহে নিজৰ কেটেৰা মাতৰ

দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে ।

পেটত কথা ৰাখ্ ( কপটীয়া ) : আমি অকথ্যৰ বাদে, পেটত কথা

ৰাখিব নালাগে ।

www.prodiptutorservices.blogspot.com

No comments:

Post a Comment

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...