১৷ অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া
স্হাপন হৈছিল ?
উত্তৰ : অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম হৈছে চাবুৱা।
এই চাহ বাগিচাখন ১৮৩৫ চনত স্হাপন কৰা হৈছিল ।
২। অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া
স্হাপিত হৈছিল ?
উত্তৰ : অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম হৈছে অসম
চাহ কোম্পানী । এই কোম্পানী স্হাপিত হৈছিল ১৮৩৫
চনত ।
৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি
জানা লিখা ।
উত্তৰ : মজদুৰ চালানৰ ভিতৰত লিখিত চুক্তি অনুসৰি
নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনা প্ৰক্ৰিয়াটোক গিৰমিটিয়া
চালান আৰু কোনো চুক্তি নকৰাকৈ চলে - বলে কৌশলে
শ্ৰমিক অনা প্ৰক্ৰিয়াটোক আড়কাঠিয়া চালান বুলি কোৱা
হয় ।
৪। চাহজনগোষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ
নাম লিখা ।
উত্তৰ : চাহজনগোষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ
নাম হৈছে ওৰাওঁ, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতি, ঘাটোৱাৰ,
গোৱালা, হাজাম, ভূমিজ আৰু ৰাজোৱাৰ ।
৫। চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে ?
উত্তৰ : চাহ জনগোষ্ঠীৰ মাজত প্ৰধানকৈ হিন্দু আৰু
খ্ৰীষ্টান ধৰ্মৰ লোক আছে ।
৬। স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন ?
উত্তৰ : স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ আছিল
মাংৰি ওৰাওঁ ।
৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ
প্ৰথম ছহিদ কোন ?
উত্তৰ : অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ
বাগিচাৰ প্ৰথম ছহিদ আছিল বাধনা ওৰাওঁ ।