Thursday, 26 March 2020

Student's Guide : Class 9|Assamese Textbook Solution | অসমীয়া সাহিত্য চয়নিকা( নতুন) -- প্ৰথম ভাগ|পাঠ নং ০৭ : সময় -- নীলমণি ফুকন|

পৃষ্ঠা নং  : ৩১

প্ৰশ্নাৱলী : 

ভাব - বিষয়ক  : 

১৷ চমু উত্তৰ দিয়া  : 

( ক ) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ  : নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি ।

( খ ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়  ?

উত্তৰ  : কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ।

( গ ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ  : সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ , কল্প  আৰু শতাব্দী ।

( ঘ ) সময়ৰ দণ্ড, পল , অনুপলক  কি বোলা হয়  ?

উত্তৰ  : সময়ৰ দণ্ড, পল , অনুপলক সময়ৰ ভগ্নাংশ বা সৰু ভাগ বোলা হয় ।

( ঙ ) সময় কি গতিত ঘুৰে ?

উত্তৰ  : সময় বৃত্তাকাৰ গতিত ঘুৰে ।

২৷ তাৎপৰ্য ব্যাখ্যা কৰা  : 

( ক) এলেহুৱাৰ দিন নাযায় নুপুৱায় ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য

চয়নিকা" , 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

     উক্ত বাক্যশাৰী দ্বাৰা লেখকে  মানুহৰ এলেহুৱা ভাৱৰ ওপৰত

গুৰুত্ব প্ৰদান কৰিছে । সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম । কৰ্মৰ

মাজেদি সময়ৰ গতি ধৰিব পাৰি । এলেহুৱাৰ দিনটো নাযায়-

নুপুৱায় কাৰণ তেওঁলোকৰ  কোনো কৰ্ম তালিকা নাথাকে । কিন্তু

কৰ্মী লোকৰ মতে দিনটো  চকুৰ পচাৰতে গ'ল যেন লাগে ।

এওঁলোকৰ নিজস্ব কৰ্ম তালিকা থাকে । এই কাৰণেই বোধকৰো

মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় ।

( খ ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি  "অসমীয়া সাহিত্য

চয়নিকা" , সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

      উক্ত বাক্যশাৰীৰ  দ্বাৰা লেখকে মানুহৰ এহেজাৰ যুগৰ কৰ্মৰ

খতিয়ান ভগৱান ব্ৰহ্মাই এদিনত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান

কৰিছে । মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন

আৰু এৰাতি । বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি

ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব

লগা হৈছে , সেইকথা মানুহৰ কল্পনাৰো অতীত । ব্ৰহ্মাই

যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়  মানুহৰ দিন ৰাতিৰ কামৰ

তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে । মানুহৰ এক

কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এয়েই ।

( গ ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি ।

উত্তৰ  : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি  "অসমীয়া সাহিত্য

চয়নিকা" , সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ

লেখক নীলমণি ফুকন ।

      লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা  কৈছে যে কৰ্মৰ মাজেদি

সময়ৰ গতি ধৰিব পাৰি । উদ্ভাৱিকা শক্তিৰ বলত মানুহে  লাহে

লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ সক্ষম হৈছে যদিও

সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি  হৈছে কৰ্ম । মানুহে কৰ্মৰ অবিহনে

সময়ৰ গতি ধৰিব নোৱাৰে । সেয়ে এলেহুৱাৰ দিনটো নাযায়-

নুপুৱায় ।

৩৷ পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া ।

উত্তৰ  : "সময়" নামৰ পাঠটিৰ লেখকৰ নাম হৈছে নীলমণি

ফুকন । তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাত । স্কুলীয়া শিক্ষা

ডিব্ৰুগড়ত , কটন কলেজত এফ এ , কোচবিহাৰৰ পৰা বি

এ  আৰু কলিকতাত আইন শিক্ষা গ্ৰহণ কৰে । তেওঁৰ সাহিত্যৰ

প্ৰতি ধাউতি আছিল । তেওঁৰ প্ৰধান সাহিত্য কৃতি হ'ল - 'সাহিত্য

-কলা' , 'চিন্তামণি' , 'জ্যোতিকণা' , 'মানসী' , 'সন্ধানী' । তেওঁ

'আলোচনী' আৰু 'ন- জোন' কাকতৰ সম্পাদক আছিল । লগতে

অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন

শুৱনি কৰিছিল ।





   


2 comments:

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...