পৃষ্ঠা নং : ৩১
প্ৰশ্নাৱলী :
ভাব - বিষয়ক :
১৷ চমু উত্তৰ দিয়া :
( ক ) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ : নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি ।
( খ ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ?
উত্তৰ : কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ।
( গ ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰ : সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ , কল্প আৰু শতাব্দী ।
( ঘ ) সময়ৰ দণ্ড, পল , অনুপলক কি বোলা হয় ?
উত্তৰ : সময়ৰ দণ্ড, পল , অনুপলক সময়ৰ ভগ্নাংশ বা সৰু ভাগ বোলা হয় ।
( ঙ ) সময় কি গতিত ঘুৰে ?
উত্তৰ : সময় বৃত্তাকাৰ গতিত ঘুৰে ।
২৷ তাৎপৰ্য ব্যাখ্যা কৰা :
( ক) এলেহুৱাৰ দিন নাযায় নুপুৱায় ।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য
চয়নিকা" , 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ
লেখক নীলমণি ফুকন ।
উক্ত বাক্যশাৰী দ্বাৰা লেখকে মানুহৰ এলেহুৱা ভাৱৰ ওপৰত
গুৰুত্ব প্ৰদান কৰিছে । সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম । কৰ্মৰ
মাজেদি সময়ৰ গতি ধৰিব পাৰি । এলেহুৱাৰ দিনটো নাযায়-
নুপুৱায় কাৰণ তেওঁলোকৰ কোনো কৰ্ম তালিকা নাথাকে । কিন্তু
কৰ্মী লোকৰ মতে দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে ।
এওঁলোকৰ নিজস্ব কৰ্ম তালিকা থাকে । এই কাৰণেই বোধকৰো
মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় ।
( খ ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন ।

চয়নিকা" , সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । পাঠটিৰ
লেখক নীলমণি ফুকন ।
উক্ত বাক্যশাৰীৰ দ্বাৰা লেখকে মানুহৰ এহেজাৰ যুগৰ কৰ্মৰ
খতিয়ান ভগৱান ব্ৰহ্মাই এদিনত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান
কৰিছে । মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন
আৰু এৰাতি । বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি
ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব
লগা হৈছে , সেইকথা মানুহৰ কল্পনাৰো অতীত । ব্ৰহ্মাই
যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ
তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে । মানুহৰ এক
কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও এয়েই ।
( গ ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি ।

লেখকে উক্ত বাক্যশাৰীৰ দ্বাৰা কৈছে যে কৰ্মৰ মাজেদি
সময়ৰ গতি ধৰিব পাৰি । উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে
লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ সক্ষম হৈছে যদিও
সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম । মানুহে কৰ্মৰ অবিহনে
সময়ৰ গতি ধৰিব নোৱাৰে । সেয়ে এলেহুৱাৰ দিনটো নাযায়-
নুপুৱায় ।
৩৷ পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া ।
উত্তৰ : "সময়" নামৰ পাঠটিৰ লেখকৰ নাম হৈছে নীলমণি
ফুকন । তেওঁৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাত । স্কুলীয়া শিক্ষা
ডিব্ৰুগড়ত , কটন কলেজত এফ এ , কোচবিহাৰৰ পৰা বি
এ আৰু কলিকতাত আইন শিক্ষা গ্ৰহণ কৰে । তেওঁৰ সাহিত্যৰ
প্ৰতি ধাউতি আছিল । তেওঁৰ প্ৰধান সাহিত্য কৃতি হ'ল - 'সাহিত্য
-কলা' , 'চিন্তামণি' , 'জ্যোতিকণা' , 'মানসী' , 'সন্ধানী' । তেওঁ
'আলোচনী' আৰু 'ন- জোন' কাকতৰ সম্পাদক আছিল । লগতে
অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন
শুৱনি কৰিছিল ।

কাক উত্তৰ
ReplyDeleteNice
ReplyDelete