Sunday, 22 March 2020

ASSAMESE GRAMMAR | অসমীয়া ব্যাকৰণ | অৰ্থৰ ভিন্নতা থকা কিছুমান শব্দ |

একে উচ্চাৰণৰ বানান আৰু অৰ্থৰ ভিন্নতা থকা কিছুমান শব্দ  :
ই আৰু ঈ কাৰ যুক্ত শব্দ 

আস্তিক ( ধাৰ্মিক, ঈশ্বৰ বিশ্বাসী )

আস্তীক ( এজন মুনিৰ নাম) 

এৰি ( এৰ্ ধাতুৰ অসমাপিকা ৰূপ ) 

এৰী ( এবিধ  পলু )

কড়ি ( এবিধ সৰু শামুক) 

কৰী ( হাতী )

কলি ( এটা যুগ , কুমলীয়া গুটি )

ক'লী ( ক'লাৰ স্ত্ৰী  লিঙ্গৰ ৰূপ ) 

কানি ( কাপোৰ, অফিং ) 

কাণী ( অন্ধ তিৰোতা) 

কাঁহি ( কাঁহ ধাতুৰ অসমাপিকা ৰূপ  ) 

কাঁহী ( কাঁহৰ ভাত  খোৱা যতন , থাল ) 

কৃতি ( কাৰ্য ) 

কৃতী ( কৃতকৰ্মা ) 

খৰচি ( সাম্যক ৰূপে ) 

খৰচী ( খৰচ সাধ্য ) 

গণ্ডি ( চৌহদ ) 

গণ্ডী ( ধনু ) 

গিৰি ( পৰ্বত ) 

গিৰী ( গৰাকী )

ঘাটি ( কম , গোট খোৱা  ঠাই ) 

ঘাতী ( বধ কৰোঁতা )

চিন ( চিহ্ন ) 

চীন ( এখন দেশৰ নাম  )

চকি ( একোটা অঞ্চল )

চকী ( এবিধ  আসন )

ছুটি ( চেঁকুৰ , ঢাপলি ) 

ছূটী ( কামৰ পৰা সাময়িক অৱসৰ ) 

চেকনি ( এছাৰি ) 

ছেকনী , ছেকনি ( ছেকা সঁজুলি )

জালি ( চিত্ৰ কটা ধাতুৰ পদাৰ্থ )

জালী ( অপৈনত  ফল ) 

টিকা ( তিলক ) 

টীকা ( ব্যাখ্যা, ভাষ্য )

ঠগি ( ঠগ্ ধাতুৰ অসমাপিকা ৰূপ )

ঠগী ( থাপনা )

তলি ( তলৰ অংশ )

তলী ( স্হলী )

তুলি ( দাঙি )

তুলী ( তুলাৰ গাদী )

দিন ( দিৱস )

দীন ( দুখীয়া )

দ্বিপ ( হাতী )

দ্বীপ ( পানীৰে আগুৰা ঠাই )

ধ্বনি ( শব্দ )

ধনী ( চহকী )

পকি ( পক্ ধাতুৰ অসমাপিকা ৰূপ )

পকী ( ইটা, বালি, শিল আদিৰে নিৰ্মিত )

পৰিক্ষিত ( এজন ৰজাৰ  নাম )

পৰীক্ষিত ( পৰীক্ষাসিদ্ধ )

পাণি ( হাত ) 

পানী ( জল ) 

পিত ( পিত্ত )

পীত ( হালধীয়া )

পিন ( আলপিন )

পীন ( স্হূল , ডাঙৰ )

ফণি ( চুলি আঁচোৰা সঁজুলি )

ফণী ( সাপ )

বলি ( ভাগৱতত উল্লিখিত  এজন  ৰজাৰ  নাম )

বলী ( বলৱান )

বাকি ( ঢালি )

বাকী ( উঠনা , অৱশিষ্ট  )

বাগি ( চাতুৰি )

বাগী ( এবিধ  বাহন )

বাজি ( পণ )

বাঁজী ( বন্ধ্যা , সন্তান  নথকা )

বানি ( তাঁত বা কাপোৰৰ  পথালি দিশ )

বাণী ( বাক্য , বচন )

বাৰি ( পানী )

বাৰী ( গছ-গছনি থকা ঠাই  )

বালি ( বলুকা ) 

বালী ( কিস্কিন্ধ্যাৰ ৰজা সুগ্ৰীৱৰ ককায়েক )

ভৰণি ( ক্ষতিপূৰণ )

ভৰণী ( এটা নক্ষত্ৰ )

মহিষ ( ম'হ )

মহীশ ( পৃথিৱীশ্বৰ )

মুচি ( কঁঠালৰ কলি )

মুচী ( চৰ্মকাৰ )

লিখনি ( ৰচনা ) 

লেখনী ( কলম )

শালি ( এবিধ ধান )

শালী ( যুক্ত বিশিষ্ট  )

শিল ( প্ৰস্তৰ ) 

শীল ( আচৰণ ) 

সাৰি ( সাৰ্ ধাতুৰ অসমাপিকা ৰূপ  )

শাৰী ( শ্ৰেণী )

সিটা ( ৰস চেপি উলিওৱা জাবৰ )

সীতা ( ভগৱান ৰামৰ পত্নী ) 

2 comments:

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...