সুন্দৰ বস্তু চিৰদিনেই আনন্দদায়ক
2. A bolt from the blue
বিনামেঘে বজ্ৰপাত
3. As you sow, so you reap
যেনে কৰ্ম তেনে ফল
4. A little learning is a dangerous thing
অল্প বিদ্যা ভয়ংকৰী
5. A storm in a tea cup
সৰু কথালৈ ডাঙৰ হৈ - চৈ কৰা
6. A tree is known by its fruits
ফলেই পৰিচয়
7. A guilty mind is always suspicious
গেলা বৰালিৰ মনে গোন্ধায়
8. Add fuel to fire
জ্বলা জুইত ঘিউ ঢলা
9. A bad workman quarrels with his tools
নাচিব নাজানে চোতালখন বেঁকা
10. Add insult to an injury
কটা ঘাঁত কলাখাৰ বা নিমখ সনা
11. A just cause wins in the long run
য'তে ধৰ্ম ত'তে জয়
12. All that glitters is not gold
জিলিকা বস্তু মানেই সোণ নহয়
13. All's well that ends well
শেষ ভালেই সকলো ভাল
14. A friend in need is a friend indeed
বিপদৰ বন্ধুহে আচল বন্ধু
15. Actions speak louder than words
কথাত নহয়, কামতহে পৰিচয়
16. Better late than never
একেবাৰে নকৰাতকৈ পলমকৈ কৰাই শ্ৰেয়
17. Build castles in the air
আকাশত চাং পতা
18. Better be alone than in bad company
অসৎ সংগতকৈ অকলশৰীয়া হৈ থকাই ভাল
19. Cut your coat according to your cloth
আয় চাই ব্যয় কৰা বা আঠুৱা চাই ভৰি মেলা
20. Count one's chickens before they are hatched
গছত কঁঠাল, ওঁঠত তেল
21. Diamond cuts diamond
হুলেৰেহে হুল কাঢ়িব পাৰি
22. Danger often comes where danger is feared
য'তে বাঘৰ ভয়, তাতে ৰাতি হয়
23. Dig one's own grave
নিজৰ ভৰিত কুঠাৰ মৰা
24. Empty vessel sounds much
বিষ নোহোৱা সাপৰ ফোঁচফোঁচনি বেছি
25. Example is better than precept
উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ
26. Early to bed and early to rise, makes a man
Healthy, Wealthy and Wise
সোনকালে শোৱা আৰু সোনকালে উঠাই মানুহক স্বাস্থ্যবান,
ধনী আৰু জ্ঞানী কৰে
27. Eat to live, but don't live to eat
জীয়াই থাকিবলৈ খাবা, কিন্তু খাবলৈ জীয়াই নাথাকিবা
28. Full of courtesy, full of craft
অতি ভক্তি চোৰৰ লক্ষণ
29. Fools rush in where angles fear to tread
বৰ বৰ ঘোঁৰাই নাপায় ঘাঁহ, বতুৱা ঘোঁৰাই বিচাৰে মাহ
30. Falling from frying pan to fire
এটা বিপদৰ পৰা আন এটা ডাঙৰ বিপদ হোৱা
very nice
ReplyDeleteThank you for your valuable suggestions.
DeleteHonesty is the best policy. can u translate this into assamese
ReplyDelete