প্ৰশ্ন নং ১৷ চমু উত্তৰ দিয়া ।
(ক) আইচক্ৰীম কোন জাতীয় সামগ্ৰী ?
উত্তৰ : আইচক্ৰীম এবিধ শীতলীকৃত দুগ্ধজাত সামগ্ৰী ।
(খ) চীনদেশত কেতিয়াৰ পৰা আইচক্ৰীমৰ প্ৰচলন
আছিল ?
উত্তৰ : চীনদেশত যীশুখ্ৰীষ্টৰ জন্মৰ আগৰে পৰা
আইচক্ৰীমৰ প্ৰচলন আছিল ।
(গ) মাৰ্কোপ'লো কেতিয়া চীনদেশলৈ গৈছিল ?
উত্তৰ : মাৰ্কোপ'লো ১২৭১ চনত চীনদেশলৈ গৈছিল ।
(ঘ) চীনৰ পৰা শীতল খাদ্যৰ সোৱাদ কোনে ইটালীলৈ
আনে ?
উত্তৰ : চীনৰ পৰা শীতল খাদ্যৰ সোৱাদ মাৰ্কোপ'লোৱে
ইটালীলৈ আনে ।
(ঙ) ইংলেণ্ডত কোনে প্ৰথম আইচক্ৰীম তৈয়াৰ কৰাৰ
প্ৰণালী প্ৰচলন কৰে ?
উত্তৰ : ইংলেণ্ডত সম্ৰাট দ্বিতীয় চাৰ্লছৰ সময়ত তেওঁৰ
ৰান্ধনীজনেই প্ৰথম আইচক্ৰীম তৈয়াৰ কৰাৰ
প্ৰণালী প্ৰচলন কৰে ।
(চ) আমেৰিকাত আইচক্ৰীম কি হিচাপে খোৱা হৈছিল ?
উত্তৰ : আমেৰিকাত আইচক্ৰীম পুৱাৰ আহাৰ হিচাপে
খোৱা হৈছিল ।
(ছ) মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালত কি শীতল
খাদ্য ভাৰতত প্ৰচলন হয় ?
উত্তৰ : মোগল সম্ৰাট আকবৰৰ ৰাজত্বকালত কুলফি
নামৰ শীতল খাদ্য ভাৰতত প্ৰচলন হয় ।
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.