১) তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা ।
(ক) বৰগীত কাক বোলে ?
উত্তৰ : অসমত নৱ - বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰৰ উদ্দেশ্য
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ব্ৰজাৱলী
ভাষাত ৰচনা কৰা বিশেষ আধ্যাত্মিক গীতবোৰকে
বৰগীত বোলে ।
(খ) বৰগীতসমূহ কোনে ৰচনা কৰিছিল ?
উত্তৰ : বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু
তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ৰচনা কৰিছিল ।
(গ) গুৰু দুজনাই ৰচা গীতসমূহক কিয় বৰগীত
আখ্যা দিয়া হৈছে ?
উত্তৰ : গুৰু দুজনাই ৰচা গীতসমূহক বৰগীত আখ্যা
দিয়াৰ কাৰণ হ'ল ইয়াৰ ভাব , ভাষা আৰু বিষয়বস্তুৰ
শ্ৰেষ্ঠতা ।
(ঘ) বৰগীতৰ ভাষা কি ?
উত্তৰ : বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী বা ব্ৰজবুলি ।
(ঙ) বৰগীতৰ মূল বস্তু কি ?
উত্তৰ : ৰাগ বৰগীতৰ মূল বিষয়বস্তু ।
২) বৰগীতৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰ : বৰগীতৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল -
ক) বৰগীতসমূহ ভাৰতীয় সংগীত শাস্ত্ৰৰ নিয়মানুসৰি
নিৰ্দিষ্ট ৰাগ - তালত ৰচনা কৰা হৈছে ।
খ) গীতবোৰৰ ভাষা ব্ৰজাৱলী ।
গ) এই গীতসমূহ আধ্যাত্মিক ভাবসম্পন্ন আৰু
ভগৱানৰ মাহাত্ম্য প্ৰকাশক ।
ঘ) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নিৰ্দিষ্ট আৰ্হিত
এই গীতসমূহ ৰচিত ।
ঙ) ইয়াৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাবৰ পৰা
মুক্ত ।
চ) গীতসমূহ ভক্তিভাব প্ৰকাশক ।
ছ) মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ চৰিত্ৰই প্ৰাধান্য
লাভ কৰিছে ।
জ) শিশু কৃষ্ণৰ শিশুসুলভ চোৰ-চাতুৰী , লীলা , বিৰহ ,
পৰমাৰ্থ ইত্যাদি বিভিন্ন বিষয়ে গীতত ঠাই পাইছে ।
ঝ) দাস্যভক্তি মাধৱদেৱৰ প্ৰায়বোৰ গীতত লক্ষ্য কৰা
যায় ।
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.