Wednesday, 15 April 2020

Student's Guide : Class 10 (SEBA)| Assamese Rapid Reader | বৈচিত্ৰ্যময় অসম | পাঠ : তিৱাসকল | অতিৰিক্ত প্ৰশ্নোত্তৰ |

পাঠ : তিৱাসকল 

    প্ৰশ্নাৱলী :  

    (১) ভাষিক  দিশৰ  পৰা  তিৱাসকল  কোনটো  থালৰ  লোক ?
    উত্তৰ : ভাষিক  দিশৰ  পৰা  তিৱাসকল  ইন্দো-চীনৰ  অন্তৰ্গত
    তিব্বত  বৰ্মীয়  ভাষা-গোষ্ঠী  পৰিয়ালৰ  বৃহত্তৰ  'বড়ো'  থালৰ
    লোক ।

    (২) তিৱাসকলে  তেওঁলোকৰ  উৎসৱ-পাৰ্বণত  ব্যৱহাৰ  কৰা
    বিভিন্ন  বাদ্যযন্ত্ৰবোৰ  কি  কি  ?
    উত্তৰ : তিৱাসকলে  তেওঁলোকৰ  উৎসৱ-পাৰ্বণত  ব্যৱহাৰ
    কৰা  বিভিন্ন  বাদ্যযন্ত্ৰবোৰ  হৈছে  খ্ৰাম্ (ঢোল ) বাৰ , খ্ৰাম্
    খুজুৰা , খ্ৰাম্  পান্হাই , দুম্ দিং , দগৰ্ , পাতিঢোল , ৱাফাং
    খ্ৰাম , থকথৰৰক , পাংশী(বাঁহী) , থোৰাং , ম'হৰ  শিঙৰ পেঁপা ,
    মুহুৰি  আৰু  খায়াং  (তাল)  ইত্যাদি ।

    (৩) তিৱা  সমাজত  'জেলা'  বুলি  কাক  কোৱা  হয়  ?
    উত্তৰ : তিৱা  সমাজত  পাহাৰ  অঞ্চলৰ  প্ৰতিটো  পৰিয়ালৰ
    মুৰব্বীকে  'জেলা'  বুলি  কোৱা  হয় । 

    (৪) তিৱাসকলৰ  কেইটিমান  উৎসৱৰ  নাম  লিখা  ।
    উত্তৰ : তিৱাসকলৰ কেইটিমান  উৎসৱৰ  নাম  হৈছে ৱানছুৱা,
    ছগ্ৰা , য়াংলী , মুইনাৰী  কান্ঠী , লাংখন্ , মাই পথালা, মাই ৰাৱা
    ,খাপ্ লাং  ৰাৱানে  ফুজা , পান্হাইচ্যৱা  ইত্যাদি । 

    (৫) 'ফুলগুৰিৰ  ধেঁৱা'  কি  ?
    উত্তৰ : 'ফুলগুৰিৰ  ধেঁৱা'  হৈছে  বলাইৰাম  সেনাপতিৰ  দ্বাৰা
    ৰচিত  এটি  গীতি - আলেখ্য । 

    

No comments:

Post a Comment

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...