আন্তৰাষ্ট্ৰীয় মাতৃ দিৱস :
মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা
এক দিৱস । ইয়াৰ দ্বাৰা মাতৃ , মাতৃত্ব, সমাজলৈ মাতৃৰ প্ৰতি
ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয় । পৃথিৱীৰ
বিভিন্ন দেশ সমূহে বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা
যায় ।
আধুনিক মাতৃ দিৱসৰ ছুটী গ্ৰাফটন ৱেষ্ট বৰ্জিনিয়াত এনা
জাৰ্বিচৰ জৰিয়তে সকলো মাতৃৰ তথা মাতৃত্বৰ কাৰণে প্ৰায়ে
পাৰিবাৰিক আৰু আপোনজনৰ প্ৰতি সন্মান দিবৰ বাবে আৰম্ভ
কৰা হৈছিল । তেওঁক মাতৃ দিৱসৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয় ।
তাৰ পৰৱৰ্তী সময়ৰ পৰা এই দিৱস প্ৰতি বছৰে মে' মাহৰ দ্বিতীয়
দেওবাৰ দিনা পালন কৰা হয় ।
মাতৃ দিৱস মাকক সন্মান দিবৰ বাবে পালন কৰা হয় ।
এগৰাকী মাকৰ আঁচল নিজৰ সন্তানৰ বাবে কেতিয়াও সৰু নহয়।
মাৰ মৰম-স্নেহ নিজৰ সন্তানৰ বাবে ইমান গভীৰ যে মাতৃ নিজৰ
সন্তানৰ আনন্দৰ বাবে সম্পূৰ্ণ পৃথিৱীৰ আন মানুহৰ লগত
যুঁজদিবলৈ সাজু হৈ যায় । এগৰাকী মাতৃৰ আমাৰ জীৱনত বহুত
ডাঙৰ মহত্ব আছে , এগৰাকী মাতৃৰ অবিহনে এই পৃথিৱীখন
অসম্পূৰ্ণ ।
এগৰাকী আদৰ্শ মাতৃৰ প্ৰতি আমাৰ কৰণীয় :
(ক) এই ধুনীয়া পৃথিৱীখন পৰিচয় কৰাই দিয়া জনেই হৈছে
জন্মদাত্ৰী মাতৃ । তেখেতক আমি কেতিয়াও দুখ দিব নালাগে ।
(খ) মাকৰ কোলাৰ পৰা যৌৱন প্ৰাপ্ত হোৱালৈকে এজন সন্তানক
দুখ-কষ্টেৰে ডাঙৰ-দীঘল কৰা মাতৃ গৰাকীক আমি কেতিয়াও
দুখ-যান্ত্ৰণা দিব নালাগে ।
(গ) শাস্ত্ৰত কোৱা হৈছে যে সন্তান নিজে স্বয়ং সুমাৰ্গত আগবাঢ়ি
নিজৰ মাতৃ-পিতৃকো এই দিশত , ধৰ্মৰ দিশত আগবঢ়াই নিব
পাৰিলেহে এওঁলোকৰ প্ৰতি উপকাৰৰ মূল্য ঘূৰাব পাৰি ।
(ঘ) নিজে লঘোণে থাকি সন্তানক কেতিয়াও ভোকৰ অনুভৱ হ'ব
নিদিয়া মাকৰ বাহিৰে অন্য কোনো হ'বই নোৱাৰে । সেয়ে সেই
জনা মাতৃক কেতিয়াও অৱহেলা কৰিব নালাগে ।
(ঙ) সন্তানৰ বেমাৰ-আজাৰত মাকে ৰাতি-দিন এক কৰি আমাৰ
স্বাস্থ্যৰ প্ৰতি যত্ন লৈছিল । গতিকে বৃদ্ধ বয়সত তেখেতৰ প্ৰতি
আমি সকলোৱে যত্নপৰ হোৱা উচিত ।
(চ) সন্তানে যদি কোনো এটা দিশত নিৰাশাজনক ফলাফল
অৰ্জন কৰে তেন্তে সেয়ে সময়ত প্ৰেৰণা যোগোৱা প্ৰথমজন
প্ৰেৰণাদায়ক হৈছে মাতৃ । আমিও তেখেতৰ প্ৰতি যেতিয়া এনে
পৰিস্থিতিৰ অনুভৱ কৰো, আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াব
লাগে ।
আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে এটা প্ৰতিশ্ৰুতি
লোৱা উচিত যে এই পৃথিৱীখন চিনাকি কৰাই দিয়া মাতৃৰ প্ৰতি
আমি কেতিয়াও দুখ-যন্ত্ৰণা, অশান্তিমূলক পৰিৱেশ সৃষ্টি নকৰি
তেখেতৰ দ্বাৰা দেখাই দিয়া পথত আগবাঢ়ি উন্নতিৰ দিশত গৈ
তেখেতৰ সকলো ধৰণৰ আশা-আকাংক্ষা পূৰণ কৰি মূখত হাঁহি
বিৰিঙাবৰ চেষ্টা কৰিব লাগে । প্ৰতি বছৰৰ মে' মাহৰ দ্বিতীয়
দেওবাৰত যদিও এই মাতৃ দিৱস পালন কৰা হয় তথাপিও আমি
আমাৰ মাতৃৰ প্ৰতি সদায় চিৰকৃতজ্ঞ হোৱা উচিত । আজি বিশ্বৰ
প্ৰতি গৰাকী আইক মোৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধা তথা সেৱা
আগবঢ়াইছো ।
চিত্ৰ অংকণ : আছি তাঁতি
চিত্ৰ অংকণ : কৰবী তাঁতি
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.