Saturday, 5 September 2020

Teacher's Day |Importance of Teacher's Day|Special Quote for Teacher Day| শিক্ষক দিৱসৰ মহত্ব|প্ৰসিদ্ধ ব্যক্তিসকলৰ শিক্ষাৰ প্ৰতি থকা ভাব|

       প্ৰতি বছৰে ৫ চেপ্তেম্বৰ দিনটো আমাৰ নিস্বাৰ্থ
শিক্ষকসকলক তেখেতসকলৰ বহুমূলীয়া শিক্ষা কৰ্মক
সন্মান দিয়াৰ বাবে শিক্ষক দিৱস পালন কৰা হয় । ৫
চেপ্তেম্বৰ দিনটো আমাৰ দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী
ৰাধাকৃষ্ণণৰ জন্মদিন । তেখেতে গোটেই ভাৰতবৰ্ষত
শিক্ষকসকলক সন্মান দিবৰ বাবে শিক্ষক দিৱস হিচাপে
তেখেতৰ জন্মদিনটো পালন কৰাৰ বাবে আগ্ৰহ
কৰিছিল । তেখেতক অধ্যাপন বৃত্তিৰ প্ৰতি বহুত প্ৰেম
আছিল । তেখেতৰ শিক্ষাৰ প্ৰতি বহুত ভৰসা আছিল
লগতে তেখেত অধ্যক্ষ, ৰাজনীতিক, শিক্ষক আৰু
ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে প্ৰসিদ্ধ আছিল ।
আজিৰ এই দিনটোত দেশৰ তথা বিশ্বৰ মহান ব্যক্তি
সকলক স্মৰণ কৰা উচিত  যিসকলে নিজৰ কৰ্মৰ
জৰিয়তে প্ৰসিদ্ধ লাভ কৰিছে আৰু আমি আজি এই
মহান ব্যক্তিসকলৰ আদৰ্শ  অনুসৰণ কৰি নিজ লক্ষ্যত
উপনীত হ'ব পাৰিছোঁ । শিক্ষাৰ পোহৰ নোপোৱাকৈ
কোনেও আগ বাঢ়িব নোৱাৰে । প্ৰতিটো ডাঙৰ কামৰ
আঁৰত লুকাই আছে একো একোজন শিক্ষকৰ নিস্বাৰ্থ
তথা বহুমূলীয়া অৱদান । আমি প্ৰত্যেক ব্যক্তিয়ে নিজক
এজন আদৰ্শৱান ব্যক্তিৰূপে গঢ় দিব লাগে। যিমানখিনি
সম্ভৱ নিজৰ ওচৰত থকা জ্ঞানখিনি আনক বিলাই দিব
লাগে যাতে তেওঁ এজন ভাল ব্যক্তি হ'ব পাৰে যি সমাজ
তথা দেশৰ হকে নিজৰ অৱদান আগবঢ়াব পাৰে ।

       তলত দেশ তথা বিশ্বৰ মহান ব্যক্তিসকলৰ শিক্ষাৰ
প্ৰতি থকা ভাব উল্লেখ কৰা হ'ল :

■"আচল শিক্ষক সেইজন যিজনে আমাক নিজৰ বাবে
ভাবিবলৈ সহায় কৰে ।" - ড○ সৰ্বপল্লী ৰাধাকৃষ্ণণ
 
■ "আনক শিক্ষা দিয়াতো হৈছে এটা বহুত ডাঙৰ বৃত্তি
যিয়ে ব্যক্তি এজনৰ চৰিত্ৰ, মানসিক শক্তি আৰু
ভৱিষ্যতৰ গঠন কৰে । যদি মানুহে মোক এজন আদৰ্শ
শিক্ষকৰূপে মনত পেলাই তেন্তে মোৰ কাৰণে এয়া
আটাইতকৈ ডাঙৰ সন্মান হ'ব ।" - ড○ এ. পি. জে.
আব্দুল কালাম 
■ "শিক্ষা হৈছে মানুহৰ ইতিমধ্যে পৰিপূৰ্ণতাৰ প্ৰকাশ ।"
- স্বামী বিবেকানন্দ
■ "মই সদায় অনুভৱ কৰিছিলো যে কিতাপ হৈছে
শিক্ষাৰ্থীৰ আচল শিক্ষক।" - জাতিৰ পিতা মহাত্মা গান্ধী
■ "ৰচনাত্মক, অভিব্যক্তি আৰু জ্ঞানত আনন্দ যোগাৰ
দিয়া হৈছে শিক্ষকৰ সৰ্বোচ্চ কলা।"-এলবাৰ্ট আইনষ্টাইন

■ "শিক্ষকসকল হৈছে সমাজৰ সৰ্বাধিক দায়িত্বশীল
আৰু গুৰুত্বপূৰ্ণ সদস্য কাৰণ তেওঁলোকৰ বৃত্তিধাৰী
প্ৰচেষ্টা পৃথিৱীৰ ভাগ্যক প্ৰভাৱিত কৰে।" - হেলেন
কেলডিকট
■ "শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যাক
আপুনি পৃথিৱীখনক সলনি কৰিবলৈ ব্যৱহাৰ কৰিব
পাৰে।" - নেলচন মেণ্ডেলা
■ "ভাল শিক্ষকে জানে যে শিক্ষাৰ্থীৰ পৰা কেনেকৈ
সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আনিব পাৰি।" - চাৰ্লছ কোৰাল্ট
■ "প্ৰযুক্তি কেবল এটা সৰঞ্জাম । বিদ্যাৰ্থীক একেলগে
কাম কৰাত আৰু তেওঁলোকক অনুপ্ৰেৰণা যোগোৱাৰ
ক্ষেত্ৰত শিক্ষক আটাইতকৈ গুৰুত্বপূৰ্ণ ।" - বিল গেটচ
■ "এখন কিতাপ, এডাল কলম, এজন শিক্ষাৰ্থী আৰু
এগৰাকী শিক্ষক বিশ্ব পৰিৱৰ্তন কৰি দিব পাৰে ।"
  - মালালা ইউশ্বুফজাই 
আশাকৰো আপোনালোকে এই মহান ব্যক্তিসকলে
শিক্ষাৰ প্ৰতি আগবঢ়োৱা বিচাৰধাৰা অনুধাৱন কৰি
শিক্ষকসকলৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা জনাব । লগতে
নিজৰ আৰ্জিত জ্ঞানৰ পোহৰেৰে আনকো পোহৰ
বিলাই এজন আদৰ্শ ব্যক্তিৰূপে চিনাকী দিব ।

No comments:

Post a Comment

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...