ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশ । মই
এনে এখন দেশত জন্ম গ্ৰহণ কৰি নিজক এজন
ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰো । আজি
স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত দেশৰ প্ৰতি
মোৰ ভালপোৱা, পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী,কৰোনা
মহামাৰীৰ সময়চোৱাত নিৰলস আৰু নিৰ্ভীকভাৱে
সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মী, দেশৰ চাৰিসীমাত দিনে
-নিশাই ৰক্ষণাবেক্ষণ দি থকা ভাৰতীয় জোৱানসকল, লগতে দেশৰ উন্নতিৰ হকে কাম কৰি
থকা সকলোলৈ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বাবে মই
অংগীকাৰবদ্ধ । আজি স্বাধীনতা দিৱস । এই দিনটোৰ
লগত সমিল থকা কিছু জানিবলগীয়া কথা তলত
আগবঢ়োৱা হ'ল :
■ আপোনাক জনাওঁ যে ২০২০ বৰ্ষত ভাৰতত ৭৪
তম স্বাধীনতা দিৱস পালন কৰিব ।
■ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ দিনা স্বাধীন
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে
ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা ভাৰতক স্বাধীনতা ঘোষণা
কৰে ।
■ ভাৰতীয় হিচাপে আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকা
খনক সন্মান কৰোঁ । এই পতাকাখনত শীৰ্ষত গেৰুৱা,
মাজত বগা আৰু একেবাৰে তলত শ্যামল অৰ্থাৎ
সেউজীয়া ৰং আৰু মাজত ২৪ টা শলাৰে নিৰ্মিত
অশোক চক্ৰ আছে । আপুনি জানেনে এই ৰাষ্ট্ৰীয়
পতাকাখন পিংগ্লী ভেংকায়াই ডিজাইন কৰিছিল ।
■ আপুনি জানেনে ভাৰতৰ সম্পূৰ্ণ নাম হৈছে
ভাৰতীয় গণৰাজ্য ।
■ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ড• ৰাজেন্দ্ৰ
প্ৰসাদ ।
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.