Monday, 24 August 2020

Class 9| Assamese Rapid Reader | বৈচিত্ৰময় অসম |দ্ৰুতপাঠ | চাহ জনগোষ্ঠীসকল - সুশীল কুৰ্মী , অসম সাহিত্য সভা |

পাঠভিত্তিক প্ৰশ্নাৱলী : 

১৷ অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া
     স্হাপন হৈছিল ?
    উত্তৰ : অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম হৈছে চাবুৱা।
    এই চাহ বাগিচাখন ১৮৩৫ চনত স্হাপন কৰা হৈছিল ।

২। অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া
     স্হাপিত হৈছিল ? 
    উত্তৰ : অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম হৈছে অসম
    চাহ কোম্পানী । এই কোম্পানী স্হাপিত হৈছিল ১৮৩৫
    চনত ।

৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি
     জানা লিখা ।
    উত্তৰ : মজদুৰ চালানৰ ভিতৰত লিখিত চুক্তি অনুসৰি
    নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনা প্ৰক্ৰিয়াটোক গিৰমিটিয়া
    চালান আৰু কোনো চুক্তি নকৰাকৈ চলে - বলে কৌশলে
    শ্ৰমিক অনা প্ৰক্ৰিয়াটোক আড়কাঠিয়া চালান বুলি কোৱা
    হয় ।

৪। চাহজনগোষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ
     নাম লিখা ।
     উত্তৰ : চাহজনগোষ্ঠী সমাজৰ দহটা জাতি - উপজাতিৰ
     নাম হৈছে ওৰাওঁ, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতি, ঘাটোৱাৰ,
     গোৱালা, হাজাম, ভূমিজ আৰু ৰাজোৱাৰ ।

৫। চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে ?
     উত্তৰ : চাহ জনগোষ্ঠীৰ মাজত প্ৰধানকৈ হিন্দু আৰু
     খ্ৰীষ্টান ধৰ্মৰ লোক আছে ।

৬। স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন ?
     উত্তৰ : স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ আছিল
     মাংৰি ওৰাওঁ ।

৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ
     প্ৰথম ছহিদ কোন ?
     উত্তৰ : অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ
     বাগিচাৰ প্ৰথম ছহিদ আছিল বাধনা ওৰাওঁ ।

Tuesday, 18 August 2020

INDEPENDENCE DAY 2020| WHY WE PROUD OURSELVES BE A INDIAN | SPECIAL KNOWLEDGEABLE INFORMATION FOR YOU ON THAT DAY|

ভাৰতবৰ্ষ  বিশ্বৰ  ভিতৰতে  এখন  শক্তিশালী  দেশ । মই
এনে  এখন  দেশত  জন্ম  গ্ৰহণ  কৰি  নিজক  এজন
ভাৰতীয়  হিচাপে  গৌৰৱ  অনুভৱ  কৰো । আজি
স্বাধীনতা  দিৱসৰ  এই  পবিত্ৰ  মুহূৰ্তত  দেশৰ  প্ৰতি
মোৰ  ভালপোৱা, পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী,কৰোনা
মহামাৰীৰ  সময়চোৱাত  নিৰলস  আৰু  নিৰ্ভীকভাৱে
সেৱা  আগবঢ়োৱা  স্বাস্থ্যকৰ্মী, দেশৰ  চাৰিসীমাত  দিনে
-নিশাই  ৰক্ষণাবেক্ষণ  দি  থকা  ভাৰতীয়  জোৱানসকল, লগতে  দেশৰ  উন্নতিৰ  হকে  কাম  কৰি
থকা  সকলোলৈ  প্ৰতি  সন্মান  প্ৰদৰ্শন  কৰাৰ  বাবে মই
অংগীকাৰবদ্ধ । আজি  স্বাধীনতা  দিৱস । এই  দিনটোৰ
লগত  সমিল  থকা  কিছু  জানিবলগীয়া  কথা  তলত
আগবঢ়োৱা  হ'ল :

■ আপোনাক  জনাওঁ  যে  ২০২০  বৰ্ষত  ভাৰতত  ৭৪
তম  স্বাধীনতা  দিৱস  পালন  কৰিব ।

■ ১৯৪৭  চনৰ  ১৫  আগষ্ট  তাৰিখৰ  দিনা  স্বাধীন
ভাৰতৰ  প্ৰথম  প্ৰধানমন্ত্ৰী  জৱাহৰলাল  নেহৰুয়ে
ব্ৰিটিছ  সাম্ৰাজ্যৰ  পৰা  ভাৰতক  স্বাধীনতা  ঘোষণা
কৰে ।

■ ভাৰতীয়  হিচাপে  আমি  সকলোৱে  ৰাষ্ট্ৰীয়  পতাকা
খনক  সন্মান  কৰোঁ । এই  পতাকাখনত  শীৰ্ষত  গেৰুৱা,
মাজত  বগা  আৰু  একেবাৰে  তলত  শ্যামল  অৰ্থাৎ
সেউজীয়া  ৰং  আৰু  মাজত  ২৪ টা  শলাৰে  নিৰ্মিত
অশোক  চক্ৰ  আছে । আপুনি  জানেনে  এই  ৰাষ্ট্ৰীয়
পতাকাখন  পিংগ্লী  ভেংকায়াই  ডিজাইন  কৰিছিল ।


■ আপুনি  জানেনে  ভাৰতৰ  সম্পূৰ্ণ  নাম  হৈছে
ভাৰতীয়  গণৰাজ্য ।

■ স্বাধীন ভাৰতৰ প্ৰথম  ৰাষ্ট্ৰপতি  আছিল  ড•  ৰাজেন্দ্ৰ
প্ৰসাদ ।



Monday, 3 August 2020

RAKSHABANDHAN SPECIAL FIVE QUOTE IN HINDI

रक्षाबंधन  से  जुड़े  पाँच  बातें  जो  हमारे  जीवन  में
सकारात्मक  सोच  लाते  है  :

1. रक्षाबंधन  का  त्योहार  सदियों  से  मनाया  जा  रहा  है  । यह
पावन  त्योहार  भाई - बहन  के  अटूट  रिश्ते  को  दर्शाता  है ।



2. रक्षाबंधन  के  दिन  बहनें  अपने  भाई  की  कलाई  में  राखी
तथा  रक्षा-सूत्र  बांधती  है  जो  कि  भाई - बहन  के  प्रेम  का
प्रतीक  है ।



3. इस  त्योहार  के  जरिए  भाई  अपनी  बहन  की  सुरक्षा  का
दायित्व  लेता  है  तथा  भाई  अपनी  बहन  को  उपहार  प्रदान
करता  है ।

4. इस  त्योहार  का  प्रधान  उद्देश्य  है  भ्रातृभावना  ओर  सहयोग
जो  हमें  जरूर  अपने  जीवन  में  अपनाना  चाहिए ।

5. रक्षाबंधन  पर्व  सामाजिक  और  पारिवारिक  एकबद्धता  या
एकसूत्रता  का  सांस्कृतिक  स्रोत  है ।

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...