অৱশ্যে বিদ্যাৰ্থীৰ ক্ষেত্ৰত পঢ়া - শুনাৰ বাবে কিছু
সমস্যা হোৱা দেখা যায় । বেছিভাগ বিদ্যাৰ্থীয়ে
পৰীক্ষাত ভাল ফলাফল দিবলৈ অপাৰগ হয় ।
সেয়ে তলত তিনিটা সহজ পদ্ধতি দাঙি ধৰা হৈছে
যাৰ ফলত এজন দুৰ্বল বিদ্যাৰ্থীও কথাবোৰ
অনুকৰণ কৰি ভাল ফলাফল আনিব পাৰিব :
■ Stop Procrastination ( পিছলৈ কৰিম বুলি এৰিব নালাগে ) : আমি সময়ৰ কাম সময়মতে কৰিলে
সফলতা অৰ্জন কৰিব পাৰিম । সেয়ে পঢ়া - শুনাৰ
ক্ষেত্ৰত মনত এলাহ ভাব আনিব নালাগে । ভাবিব
নালাগে যে অলপ পাছত পঢ়া - শুনা কৰিম , খোৱাৰ
পিছত , টি . ভি . চোৱাৰ পিছত ইত্যাদি । এনে ভাব
মনত ঠাই ল'লে স্মৃতি শক্তি ( will power) হ্ৰাস পায় । এলাহ ভাব ত্যাগ কৰি মনত জোৰ দি পঢ়া-শুনাৰ প্ৰতি মনোগ্ৰাহী হ'ব লাগে । এনে অভ্যাসে কেৱল পঢ়া-শুনাৰ ক্ষেত্ৰতে নহয় , জীৱনত যিকোনো কাম কৰাৰ ক্ষেত্ৰত সহায় কৰিব ।
■ Do what you Don't Like , To get what you
want ( এইটো কৰিবলৈ আৰম্ভ কৰা যিটো
আপোনাক ভাল নালাগে তেতিয়া সেইটো পাবা
যিটো আপুনি ভাল পায় ) : আমি প্ৰায়বোৰে পঢ়া-শুনা
কৰিব ভাল নাপাওঁ কিন্তু পৰীক্ষাত যদি ভাল নম্বৰ
আহে বা নিজৰ প্ৰশংসা আনৰ আগত শুনো তেতিয়া
সুখী অনুভৱ কৰো । আপুনি জানেনে ? মহম্মদ আলি ,
যিজন বিশ্ব বক্সিং চেম্পিয়ন আছিল , তেওঁ কয় যে
প্ৰশিক্ষণৰ সময়ত প্ৰতি মিনিট সময় অতিবাহিত
কৰাটো তেওঁৰ কাৰণে কষ্টকৰ হৈ পৰিছিল কিন্তু
যেতিয়া বিশ্ব চেম্পিয়ন হৈ গ'ল তেতিয়া ভাল লাগিল ।
ঠিক এইদৰে তোমালোক নিজৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি
কৰা যেনে - বিদ্যালয়ৰ পৰীক্ষা , মহাবিদ্যালয়ৰ পৰীক্ষা ,
প্ৰৱেশ পৰীক্ষা (Entrance exam) , প্ৰতিযোগিতামূলক
পৰীক্ষা ( Competitive exam) আদি আৰু সফলতা
অৰ্জন কৰা তেতিয়া ভাল লাগে । সেয়ে আৰম্ভণিত ভাল
নলগা কামে শেষত সন্তুষ্টি প্ৰদান কৰে ।
■ Finish the High Weightage Syllabus
( পাঠ্যক্ৰমত বেছি নম্বৰৰ প্ৰশ্নাৱলী প্ৰথমে আয়ত্ত
কৰি শেষ কৰিব লাগে) : যিকোনো বিষয়ৰ পাঠ্যক্ৰম
সমূহ ভালকৈ চোৱাৰ পিছত বেছি নম্বৰৰ প্ৰশ্নোত্তৰ
শিকি যাব লাগে । কাৰণ এনে প্ৰশ্নসমূহ আয়ত্ত কৰি
ল'লে অধিক নম্বৰ গোটাব পাৰি । তাৰোপৰি যোৱা
তিনিৰ পৰা পাঁচ বছৰৰ প্ৰশ্নকাকতবোৰ চাব লাগে ।
পৰীক্ষাত এনে প্ৰশ্নবোৰ পুনৰাই অহাৰ সম্ভাৱনা বেছি
থাকে যদিহে পাঠ্যক্ৰম সলনি নহয় । সেয়ে গোটেই
পাঠ্যক্ৰম সামৰণি মাৰি পঢ়াৰ আগতে যোৱা বছৰৰ
প্ৰশ্নাৱলীসমূহ ভালকৈ চাব লাগে ।