পৰিৱেশৰ লগত জড়িত কেইটামান উল্লেখযোগ্য দিৱস :
■ ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ( National
Science Day )
উদ্দেশ্য : এই দিৱস উদযাপনক আধাৰ হিচাপে লৈ
পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ ভূমিকা সম্পৰ্কে
সচেতন কৰোৱা হয় ।
■ ২১ মাৰ্চ : বিশ্ব বন দিৱস ( World Forestry Day)
উদ্দেশ্য : বৃৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা পৃথিৱীৰ ওপৰিভাগ
সেউজকৰণ কৰাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ এই
উদ্দেশ্য : ভূূূূূূগৰ্ভস্থ পানীভাগ ক্ৰমাৎ গভীৰতৰলৈ নামি
যোৱাৰ ফলত খোৱা পানীৰ যি অভাৱ পৰিলক্ষিত
হৈছে তাৰ প্ৰতি বিশ্ববাসীক সজাগ কৰিবলৈ এই দিৱস
পালন কৰা হয় ।
■ ৭ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস ( World Health Day )
উদ্দেশ্য : ১৯৪৮ চনৰ এই দিনটোতে বিশ্ব স্বাস্থ্য সংস্থা
গঠিত হৈছিল । পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত
আমাৰ স্বাস্থ্যৰ ওপৰত যি কু - প্ৰভাৱ পেলাইছে তাৰ
প্ৰতি সজাগতা অনাটো এই দিৱস পালনৰ উদ্দেশ্য ।
■ ১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱস ( World Heritage
Day )
উদ্দেশ্য : মানৱ সভ্যতাৰ বিকাশৰ বাবে আমাৰ
ঐতিহ্যক সংৰক্ষণ কৰাটো আৱশ্যকীয় । সেয়ে এই
গুৰুত্ব উপলব্ধি কৰাবলৈ এই দিৱস পালন কৰা হয় ।
■ ২২ এপ্ৰিল : বসুধা বা পৃথিৱী দিৱস ( Earth Day )
উদ্দেশ্য : আধুনিকীকৰণৰ ফলত পৃথিৱীৰ ওপৰত
যথেষ্ট কু - প্ৰভাৱ পৰিছে । এই কু - প্ৰভাৱৰ প্ৰতি
বিশ্ববাসীক সজাগ কৰিবলৈ ১৯৭০ চনৰে পৰা এই
দিৱসটো পালন কৰি অহা হৈছে ।
■ ৩১ মে' : ধপাত বিৰোধী দিৱস ( Anti Tobacco
Day )
উদ্দেশ্য : ধপাত জাতীয় দ্ৰব্যসমূহৰ ব্যাপক প্ৰচলনৰ
ফলত স্বাস্থ্যজনিত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ
প্ৰতি বিশ্ববাসীক সজাগ কৰাৰ লক্ষ্যৰে এই দিৱস
পালন কৰা হয় ।
■ ৫ জুন : বিশ্ব পৰিৱেশ দিৱস ( World
Environment Day )
উদ্দেশ্য : পৰিৱেশ প্ৰদূূূষণৰ ভয়াবহতা সম্পৰ্কে
বিশ্ববাসীক সজাগ কৰিবলৈ এই দিৱস পালন কৰা
হয় ।
■ ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস ( World
Population Day )
উদ্দেশ্য : জনসংখ্যা বিস্ফোৰণ আজি বিশ্ববাসীৰ বাবে
এক ভয়াবহ সমস্যা । এই সমস্যাৰ প্ৰতি বিশ্ববাসীক
সজাগ কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয় ।
■ ৩ অক্টোৱৰ : বিশ্ব বাসস্থান দিৱস ( World
Habitat Day )
উদ্দেশ্য : পৃৃৃথিৱীখন অকল মানুহৰেই নহয় , আন
জীৱবোৰৰো বাসস্থান । কিন্তু মানুহৰ কিছুমান কাম-
কাজে আন জীৱবিলাকৰ বসবাসৰ প্ৰতি ভাবুকি
আনিছে । ইয়াৰ প্ৰতি সজাগতা আনিবলৈ এই দিৱস
পালন কৰা হয় ।
■ ১ - ৭ অক্টোৱৰ : বিশ্ব বন্যপ্ৰাণী সপ্তাহ ( World
Wildlife Week )
উদ্দেশ্য : বন্যপ্ৰাণীবোৰক সংৰক্ষণ কৰাৰ আৱশ্যকতাৰ
প্ৰতি বিশ্ববাসীক সজাগ কৰিবলৈ এই দিৱস পালন
কৰা হয় ।
■ ১৩ অক্টোৱৰ : আন্তৰ্জাতিক দুৰ্যোগ নিবাৰণ দিৱস
( International Day for Natural Disaster
Reduction )
উদ্দেশ্য : প্ৰাকৃৃৃতিক দুৰ্যোগসমূহৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ
পৰিমাণ কমাবলৈ ল'ব পৰা ব্যৱস্থাসমূহৰ প্ৰতি
জনসাধাৰণৰ মাজত সজাগতা অনা এই দিৱস পালনৰ
উদ্দেশ্য ।
■ ১৪ নৱেম্বৰ : শিশু দিৱস ( Children's Day )
উদ্দেশ্য : প্ৰতিজন শিশুকে নিজৰ চৌপাশৰ পৰিৱেশৰ
প্ৰতি সজাগ কৰি তোলাৰ জৰিয়তে শিশুটিৰ ভৱিষ্যত
জীৱন সুৰক্ষিত কৰা এই দিৱস পালনৰ উদ্দেশ্য ।
■ ২ ডিচেম্বৰ : ভূপাল শোক দিৱস ( Bhupal
Tragedy Day )
উদ্দেশ্য : এই দিনটোত ভূপালৰ শোকবহ গেছ
দুৰ্ঘটনাটো সোঁৱৰণ কৰা হয় । ভৱিষ্যতলৈ আকৌ যাতে
এনে দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সজাগতা সৃষ্টি
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.